21 C
Guwahati
Wednesday, December 11, 2019
  • Home
  • Videos
  • T8 Radio
More
    Home Opinion Columnists অন্ধবিশ্বাস...বিকৃত মানসিকতা আৰু এটা শব্দ 'ডাইনী'

    অন্ধবিশ্বাস…বিকৃত মানসিকতা আৰু এটা শব্দ ‘ডাইনী’

    বহু ভিতৰুৱা গাঁৱৰ এগৰাকী মহিলা। স্বামীহাৰা মহিলাগৰাকীয়ে অকলশৰে থাকি ভাল পায়। কাৰণ তেওঁ জীৱনত সকলো হেৰুৱাই নিথৰুৱা হৈ পৰিছে। ভিতৰুৱা গাঁওখনৰ গাঁওবাসীয়ে অলপ সন্দেহৰ চকুৰে চাই তেওঁক। জৰা-ব্যাধিৰ প্ৰভাৱ পৰিছে গাঁওখনত।

    তন্ত্ৰ-মন্ত্ৰক বিশ্বাস কৰা গাঁওবাসীয়ে দোষ জাপি দিব বিচাৰিছে তাইৰ ওপৰত। তাইৰ আচল নামটোৰ সলনি তাইক গাঁৱৰ এচাম অন্ধবিশ্বাসী লোকে উপ নাম দিলে ‘ডাইনী’। তাই মূৰ পাতি লোৱা নাই এই নামটো। কিন্তু সেইচাম লোকে জোৰজুলুমকৈ নাম দিলে ডাইনী বুলি। ঘূৰা ফুৰাত তাইৰ বাধা আহিল। যিকোনো মুহূৰ্তত আক্ৰমণ কৰিব পাৰে এচামে।

    নিশা ঘৰৰ পৰা ওলাবলৈও ভয় কৰা হ’ল তাইৰ। কিছুদিনৰ পিছত খবৰ পালো বাতৰিত স্বামীহাৰা মহিলাগৰাকী এতিয়া বাতৰিৰ শিৰোনাম হৈছে। কাৰণ ডাইনীৰ সন্দেহ কৰি এচামে তাইক উপৰ্যুপৰি আক্ৰমণ চলাই গাঁৱৰ পৰা খেদি দিলে। এয়াই সামৰণি, এয়াই আৰম্ভণি। ওপৰৰ লিখাটো এক কাহিনী। কাহিনী উল্লেখ এই কাৰণেই কৰিব খুজিছো বিনাদোষী, নিৰীহক সমাজখনে এনেদৰে আক্ৰমণ চলাব লাগে নে…প্ৰশ্ন উত্থাপিত হয় কি কাৰণত মনে সজা, অন্ধৰ দৰে চকুত আৱৰণ এখন লৈ এনেবোৰ ঘটনা সংঘটিত কৰে এইচামে…উত্তৰ হয়তো কঠিন…এইচাম লোকে কেতিয়া বুজি পাব যে এয়া এক অন্ধবিশ্বাসৰ বাহিৰে একো নহয়…গাঁৱে ভূঞে টেলিভিশ্যন, সজাগতা সভা নানান ধৰণৰ ডিজিটেল মাধ্যমৰ অগ্ৰগতিৰ সময়তো এনেবোৰ ঘটনা কিয় সংঘটিত কৰে এইচামে…উদিত প্ৰশ্নৰ উত্তৰ বিচাৰিছোঁ-সমাধান ক’ত?

    সজাগতা সভাই এইসকলৰ জ্ঞান বুদ্ধিৰ সঞ্চাৰ কৰিব নে? নে টেলিভিশ্যনৰ পৰ্দাত, খবৰ কাকতত পাই যাম পুনৰ ডাইনী কাণ্ড ৰাজ্যত? চন্দ্ৰ-মঙল আৰু যে কি কি বিজ্ঞানৰ দ্ৰুত যাত্ৰা। বিজ্ঞানৰ দ্ৰুত যাত্ৰাত অতি লজ্জাজনক আৰু ভয়াৱহভাৱে ডাইনী কাণ্ডৰ ঘটনাই মানৱ সমাজক বাৰুকৈয়ে লজ্জানত কৰিছে। লাজ লাগে শিক্ষাৰ পোহৰ লৈ সমাজক কিছু আগুৱাই নিয়াৰ চেষ্টাত হয়তো বাধা দিছে এইসকলে।

    ঘটনা সংঘটিত হোৱা স্থানত বা গাঁওখনত এজনো যদি জনা বুজা লোক থাকে তেন্তে কিয় অগ্ৰণী ভূমিকা নলয় এই জলন্ত সমস্যা ৰোধ কৰিবলৈ। আমাৰ দায়িত্ব কি? আমাৰ দায়িত্ব হয়তো এনেবোৰ গাঁৱত থকা লোকসকলক বুজোৱা। বুজাব লাগিব যে এয়া অন্ধবিশ্বাসৰ বাহিৰে আন একো নহয়। এক ভ্ৰান্ত ধাৰণাক বিশ্বাসত লৈ এটা পৰিয়াল শেষ কৰাৰ অধিকাৰ ক’ত পালে এইসকলে? প্ৰসংগ ডাইনী নহয় প্ৰসংগ হৈছে সজাগতা-মানৱতা। এইক্ষেত্ৰত চৰকাৰে লোৱা ব্যৱস্থা দুৰ্বল যেন লাগিছে। এই ভয়াৱহ সমস্যা শেষ কৰি পেলাবলৈ সবল ভূমিকা ল’ব লাগিব চৰকাৰে। গঠন কৰিব লাগিব বিশেষ বাহিনী।

    যি বাহিনীৰ দায়িত্ব থাকিব সজাগতা অতি সুন্দৰভাৱে উপস্থাপন কৰি ব্যৱহাৰিক দিশটো শক্তিশালী কৰিব লাগিব। লাহে লাহে দেখিব গ্ৰাম্যাঞ্চল অথবা বাগিচা অঞ্চলত হ্ৰাস পাব এনেবোৰ ঘটনা। বাগিচা এলেকাকে ধৰি দুৰ্গম গ্ৰাম্যাঞ্চললৈ গৈ প্ৰতিটো সপ্তাহতে অনুষ্ঠিত কৰিব লাগিব সজাগতা সভা। সভা পাতিলেই নহ’ব, সভাৰ নেতৃত্ব লোৱাজনে বুজাই যাব লাগিব এই সমস্যাৰ বিষয়ে। ইয়াৰ উপৰিও কঠোৰ নিয়ম প্ৰণয়ন কৰি শাস্তিৰো ব্যৱস্থা কৰিব লাগিব। এনেবোৰ নিয়ম যদি চৰকাৰে পলম নকৰি সোনকালে গ্ৰহণ কৰে তেন্তে চাব সমাজৰ পৰা আঁতৰ হ”ব এই মাৰাত্মক ব্যাধি। আশা কৰো জ্ঞানৰ সঞ্চাৰ ঘটাই সেইসকল লোকক সমাজৰ সুনাগৰিক হিচাপে গঢ়ি তুলিবলৈ চৰকাৰ তথা আমিবোৰ সক্ষম হ’ম।

    Disclaimer: প্ৰকাশিত প্ৰবন্ধত উল্লেখ কৰা মতামত লিখকৰ নিজস্ব আৰু সেই মতামতে TIME8ৰ বক্তব্য প্ৰতিফলিত নকৰিবও পাৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time