21 C
Guwahati
Wednesday, December 11, 2019
  • Home
  • Videos
  • T8 Radio
More
    Home Opinion Columnists কংগ্ৰেছমুক্ত অসম নে কংগ্ৰেছ যুক্ত বিজেপি?

    কংগ্ৰেছমুক্ত অসম নে কংগ্ৰেছ যুক্ত বিজেপি?

    ন বিজেপিৰ আগমণে আউল লগাব নেকি বিজেপিৰ মিশ্যন ২০২১ত?

    এজনৰ পিছত আন এজন কংগ্ৰেছী নেতাৰ আগমণ ঘটিছে ভাৰতীয় জনতা পাৰ্টীলৈ। একপ্ৰকাৰে কংগ্ৰেছত নাটনি হৈ পৰিছে নেতা কৰ্মীৰ। ডঃ হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগদান কৰাৰ পিছতে কংগ্ৰেছী নেতাৰ বাবে দুৱাৰ খোল খাইছিল গেৰুৱা দলৰ। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত একাংশ কংগ্ৰেছী বিধায়কেও যোগ দিছিল বিজেপিত।

    ২০১৬ত অসমলৈ আহিছিল পৰিবৰ্তন আৰু অসম হৈ পৰিছিল গেৰুৱাময়। যি বিজেপিয়ে ২০১৪ত হিমন্ত বিশ্বক সমালোচনা আৰু প্ৰত্যাহ্বান জনাইছিল সেই হিমন্ত বিশ্বকে ২০১৬ৰ পাছত জয়ৰ নায়ক সজাইছিল বিজেপিয়ে। বিগত এটা সপ্তাহত যেন পুনৰাবৃত্তি ঘটিছে কংগ্ৰেছীৰ বিজেপি আগমণ। দিল্লীত প্ৰথমতে ভূৱনেশ্বৰ কলিতা আৰু দুটা দিনৰ পিছতে গুৱাহাটীত হিমন্ত বিশ্বৰ হাতত হাত ধৰি বৰাকৰ ৰজাখ্যাত গৌতম ৰয়ৰ বিজেপিত যোগদান।

    ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ শান্তিউজ কুজুৰ আৰু যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি হিৰণ্য ভূঞাইও পিন্ধিলে গেৰুৱা বসন। নিশাটোৰ ভিতৰতে কংগ্ৰেছী আদৰ্শ জলাঞ্জলি দি বিজেপিৰ ৰাষ্ট্ৰীয়তাবাদৰ আদৰ্শত বিলীন হৈ গ’ল জ্যেষ্ঠ কংগ্ৰেছী নেতাসকল। প্ৰশ্ন হয়- সঁচাকৈ বিজেপি আৰু আৰ এছ এছৰ আদৰ্শ মানি লৈছে নে কংগ্ৰেছৰ পৰা অহা নেতাসকলে, নে অসমৰ জনতাৰ মাজত ক্ৰমাৎ এলাগি হৈ পৰা কংগ্ৰেছ দল এৰি পৰিত্ৰাণৰ পথ বিচাৰিছে ন বিজেপি নেতাসকলে। ১৫ বছৰ ধৰি অসমত কংগ্ৰেছৰ চৰকাৰ আছিল।

    সেই সময়ত সংঘ আৰু বিজেপিৰ একাংশ নেতাকৰ্মীয়ে বহু পৰিশ্ৰম কৰি গঢ় দিছিল বিজেপিক। অৱশেষত বিজেপিৰ চৰকাৰ আহিল, কিন্তু কংগ্ৰেছৰ শাসনৰ সময়ত যিসকল নেতাৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ কৰিছিল, দুৰ্নীতিৰ কথা কৈছিল, সেইসকলকে আঁকোৱালি ল’বলগীয়া হ’ল পুৰণি বিজেপি কৰ্মীসকল। ন বিজেপিৰ আগমণে কিছু হ’লেও আদৰ্শগত অৰ্ন্তদণ্ডত ভূগাইছে পুৰণি বিজেপি কৰ্মীসকলক। আৰ পি শৰ্মাৰ দৰে বিজেপি নেতাই যিকোনো মুহূৰ্তত ত্যাগ কৰিব পাৰে বিজেপিৰ সংগ। কংগ্ৰেছৰ পৰা অহা নেতাসকলৰ বাবে ক্ষুন্ন হৈ পৰিছে আৰ পি শৰ্মাৰ দৰে পুৰণি বিজেপি।

    ইয়াৰ মাজতে হোজাইৰ বিজেপি বিধায়ক শিলাদিত্য দেবৰ মন্তব্য- বিজেপি গংগা, পাপ মোচন কৰিবলৈ কংগ্ৰেছী আহিছে বিজেপিলৈ। ক্ষমতাকেন্দ্ৰিক বিসম্বাদত আক্ৰান্ত হ’ব নেকি ভাৰতীয় জনতা পাৰ্টী। কংগ্ৰেছত এটা সময়ত হোৱা বিসম্বাদে ধ্বংস কৰিছিল দলটোৰ অস্তিত্ব। তেনে এক পৰিৱেশৰ দিশে গৈ আছে নেকি অসম বিজেপি নে সংঘৰ নীতি আদৰ্শৰে চলা বিজেপিয়ে নিয়ন্ত্ৰণ কৰিব পাৰিব ন-বিজেপিৰ সাম্ভাব্য আগ্ৰাসন। ২০২১ৰ নিৰ্বাচনৰ পূৰ্বেই হয়তো পৰিষ্কাৰ হৈ পৰিব বিজেপিৰ ৰাজনৈতিক ছবিখন।

    Disclaimer: প্ৰকাশিত প্ৰবন্ধত উল্লেখ কৰা মতামত লিখকৰ নিজস্ব আৰু সেই মতামতে TIME8ৰ বক্তব্য প্ৰতিফলিত নকৰিবও পাৰে।

    Published: