পাপ কাম কৰি গংগাত গা ধূলে যিদৰে পৱিত্ৰ হোৱা বুলি গণ্য কৰা হয়, ঠিক তেনেদৰে বিজেপি দললৈ কংগ্ৰেছ আহিলে পূৰ্বৰ বেয়া কামৰ পৰা মুক্ত হ’ব বুলি তীব্ৰ সমালোচনা কৰে হোজাইৰ বিজেপি বিধায়ক শিলাদিত্য দেৱে।
বিজেপিৰ দুৱাৰ সদায় খোলা আছে, কংগ্ৰেছ দলক তীব্ৰ কটাক্ষ বিধায়কগৰাকীৰ। অচিৰেই অসম কংগ্ৰেছমুক্ত হ’ব বুলি মন্তব্য কৰে।
ৰাজীৱ ভৱনৰ ওচৰত এটা কাৰ্যালয় খুলি কংগ্ৰেছ কৰ্মীসকলক বিজেপিত যোগদান কৰাৰ সুবিধা কৰি দিয়াৰ বাবে দলক আহ্ৱান জনায়। লগতে তেওঁ কয় যে বহুতে এতিয়াও যোগাযোগ কৰি আছে বিজেপিত যোগ দিবৰ বাবে।
অৱশ্যে এই ক্ষেত্ৰত বিজেপিৰ মাজত সংঘাত নহয় বুলি স্পষ্ট কৰি দিয়ে বিধায়কগৰাকীয়ে।
Guwahati | Edited by: Dulu Medhi | First Published: Aug 12, 2019