ডিমৌত আলফা (স্বাধীন)ৰ লিংক মেনৰ সন্দেহত এজনক আটক। চাবুৱাৰ পৰা AS 23 T 4430 নম্বৰৰ TVS স্কুটিৰে ডিমৌ সমীপৰ ৰাজমাইৰ এজন ব্যক্তিৰ পৰা দাবী কৰা ধন নিবলৈ অহা সময়তে শিৱসাগৰ আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত আটক কৰে আলফা (স্বাধীন)ৰ লিংক মেন জনক।
পৰৱৰ্তী তদন্তৰ বাবে আটক কৰা লিংক মেন জনৰ নাম এই পৰ্যন্ত আৰক্ষীয়ে প্ৰকাশ কৰা নাই যদিও লিংক মেন জনৰ ঘৰ চাবুৱাৰ বিশ মাইলত বুলি এক বিশেষ সূত্ৰে জানিব পৰা গৈছে। ইপিনে আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত আৰম্ভ কৰিছে।
Photo and Input: Iftikar Rahman