অৰুণাচলৰ ইটানগৰত অগ্নিগৰ্ভা পৰিস্থিতি। দুৰ্নীতিৰ বিৰুদ্ধে ANYA ৰ ১২ ঘণ্টীয়া অৰুণাচল বন্ধ। অৰুণাচল বন্ধৰ মাজতে বিক্ষিপ্ত ঘটনা। বন্ধ সমৰ্থকে আক্ৰমণ কৰিছে বহু যান-বাহন।টায়াৰ জ্বলাই, শিলগুটি নিক্ষেপ কৰিও উত্তাল প্ৰতিবাদ সাব্যস্ত হৈছে ইটানগৰত। আৰক্ষীৰ সন্মুখতে যাত্ৰীবাহী বাহনৰ ক্ষতিসাধন। উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ ষ্টাফ চিলেকচন বৰ্ড চমুকৈ APSSB ৰ চাকৰিত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল।

এনে দুৰ্নীতিৰ বিৰুদ্ধে অৰুনাচলৰ বহু দল-সংগঠনে চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰি আহিছিল। অৰুণাচল চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগৰ লগতে সীমান্তত সংঘটিত হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ বিৰুদ্ধে অল নিচি য়ুথ এছচিয়েছনে(ANYA) আজি পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ১২ ঘন্টীয়া অৰুণাচল বন্ধ ঘোষণা কৰিছিল।

এই বন্ধৰ সময়ছোৱাত ৰে’ল চলাচল বন্ধ কৰি দিয়াৰ লগতে দোকান-বজাৰো বন্ধ কৰি দিছে বন্ধ সমৰ্থকে। ১২ ঘন্টীয়া অৰুণাচল বন্ধত ঠায়ে-ঠায়ে বিভিন্ন বিক্ষিপ্ত ঘটনা সংঘটিত হয়। অৱশ্যে বন্ধত ৰেহাই পাইছে এম্বুলেঞ্চ, জৰুৰীকালীন সমস্যাৰ বাহন,সামৰিক বাহিনীৰ বাহন আদিয়ে।
Photo: Time8