মঙলবাৰে এখন আদালতে ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে JNUৰ ছাত্ৰ শ্বাৰ্জিল ইমামক। ইমামক বিগত বছৰৰ ১৫ ডিচেম্বৰতো জামিয়াত হোৱা হিংসা সন্দৰ্ভত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল। ১৫ ডিচেম্বৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দিল্লীৰ জামিয়া নগৰৰ সমীপত হিংসাত্মক ঘটনা সংঘটিত হৈছিল। কেইবাখনো বাছত অগ্নিসংযোগ কৰা হৈছিল। এই অগ্নিসংযোগৰ ফলত আৰক্ষী আৰু প্ৰতিবাদকাৰী আহত হৈছিল।
শ্বাৰ্জিলক এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত সোমবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল আৰু এদিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছিল। জিম্মাৰ সময়সীমা সমাপ্ত হোৱাৰ পিছত মঙলবাৰে আদালতত হাজিৰ কৰোৱা হয়। ৰাইজক উচতোৱাৰ অভিযোগ শ্বাৰ্জিল ইমামৰ বিৰুদ্ধে। NRCৰ বিৰুদ্ধে উচতনিমূলক ভাষণ দিয়াৰ অভিযোগত দেশদ্ৰোহীৰ গোচৰ ৰুজু কৰা হৈছিল।
Photo credit: indiatoday.in