CAA: ৩১ জানুৱাৰীলৈ সমগ্ৰ উত্তৰ প্ৰদেশত ১৪৪ ধাৰা জাৰি; ২১খন জিলাত ইণ্টাৰনেট বন্ধ

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে উত্তৰ প্ৰদেশত হোৱা হিংসাত্মক ঘটনাত মৃতকৰ সংখ্যা ১১জনলৈ বৃদ্ধি পাইছে
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

উত্তৰ প্ৰদেশত ১৪৪ ধাৰাৰ সময়সীমা ৩১ জানুৱাৰীলৈ বৃদ্ধি কৰা হৈছে। বিগত ২টা দিনত উত্তাল পৰিস্থিতিৰ বাবে বৰ্তমানো ২১ খন জিলাত ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰখা হৈছে। পৰিস্থিতি নিয়ন্ত্ৰলৈ হোৱাৰ লগে লগে জিলাধিকাৰীয়ে ইণ্টাৰনেট সেৱা পুনৰ আৰম্ভ কৰিব। শিক্ষানুষ্ঠানসমূহ শনিবাৰলৈ বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে আৰু কাইলৈ দেওবাৰ হোৱা বাবে বন্ধ থাকিব স্কুলসমূহ। সোমবাৰলৈ শিক্ষানুষ্ঠানসমূহ খুলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিব দেওবাৰে সন্ধিয়া।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে উত্তৰ প্ৰদেশত হোৱা হিংসাত্মক ঘটনাত মৃতকৰ সংখ্যা ১১জনলৈ বৃদ্ধি পাইছে। আৰক্ষীয়ে ১৬০ জনতকৈও অধিক লোকক গ্ৰেপ্তাৰ কৰিছে। প্ৰশাসনে হিংসাত্মক ঘটনাসমূহ বাধা দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে। চৰকাৰী তথ্য অনুসৰি বিজনৌৰত ২, সম্ভলত ২, লক্ষ্ণৌ, কানপুৰ, ফিৰোজাবাদ, মেৰঠত এজন এজন লোকৰ মৃত্যু হয়। সংবেদনশীল জিলাসমূহত সুৰক্ষাৰ ব্যবস্থা বৃদ্ধি কৰা হৈছে।

লক্ষ্ণৌসহ অন্য চহৰসমূহ আৰক্ষীৰ উপৰিও সেনা জোৱানসকলকো মোতায়ন কৰা হৈছে। মেৰঠ, ভদোহী, বিজনৌৰ, কানপুৰ, ফিৰোজাবাদ, মুৰাদাবাদ, সম্ভল, অমৰোহা আৰু ছামলীত বৰ্তমানো অব্যাহত অশান্ত পৰিস্থিতি। ইফালে গোৰখপুৰ, বুলন্দচহৰ, ছহাৰনপুৰ, বহৰাইচ, হাথৰচ আৰু মুজফৰনগৰত বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণ।

Photo credit: abplive.com

Related Post