30 C
Guwahati
Thursday, August 6, 2020
  • Home
  • Videos
  • TIMECAST
More

    বিশ্বনাথ জিলাত ১৪৪ ধাৰা জাৰি, লগতে বহু ক্ষেত্ৰত নিষেধাজ্ঞা

    এই নিৰ্দেশ লকডাউন অব্যাহত থকালৈকে বাহাল থাকিব

    কভিড-১৯ বা কৰ’ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ কৰাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বনাথ জিলা দণ্ডাধীশ ধ্ৰুৱজ্যোতি দাসে ভাৰতীয় ফৌজাদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত জিলা খনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে।

    এই নিষেধাজ্ঞা অনুসৰি চতুৰ্থ পৰ্য্যায়ৰ লকডাউনৰ সময়ছোৱাত বিয়লি ৭ বজাৰ পাছত আৰু পুৱা ৭ বজালৈকে জনসাধাৰণৰ চলাচলত বাধা আৰোপ কৰাৰ লগতে ব্যক্তিগত যান বাহন তথা যাত্ৰীবাহী যান বাহনৰ চলাচলৰ ওপৰতো বাধা আৰোপ কৰা হৈছে। অৱশ্যে নিষেধাজ্ঞাৰ পৰা কেতবোৰ বিশেষ সেৱাক ৰেহাই দিয়া হৈছে।

    তৎকালীনভাৱে কাৰ্যকৰী হোৱা এই নিষেধাজ্ঞাৰ সময়ছোৱাত অবশ্যে জিলাখনৰ “কণ্টেইনমেণ্ট জ’ন” আৰু “বাফাৰ জ’ন”ক বাদ দিহে কিছু বিশেষ সেৱাক ৰেহাই দিয়া হৈছে বুলি কোৱা হৈছে। এই নিৰ্দেশ ভংগ কৰিলে দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ ৰ ৫১ ৰ পৰা ৬০ ধাৰা আৰু ভাৰতীয় দণ্ড বিধিৰ ১৮৮ ধাৰা অনুসৰি অপৰাধ হিচাপে গণ্য কৰা হ’ব। সমগ্ৰ বিশ্বনাথ জিলাতে তৎকালীনভাৱে বলবৎ হোৱা এই নিৰ্দেশ লকডাউন অব্যাহত থকালৈকে বাহাল থাকিব বুলি কোৱা হৈছে।

    Photo Credit: File photo (Representative Image)

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    Assam’s Pranay Kalita killed in Manipur Ambush

    Assam chief minister Sarbananda Sonowal also expressed his condolence for Kalita and the bereaved family

    This Diwali, Perk Up Your Home With These Super Easy Rangoli Designs

    Indians love colours and this love for colors is shown through rangolis

    Breaking: ULFA (I), MNPF & RPF claim responsibility of Manipur ambush

    An Assam Rifle personnel from Assam’s Barpeta district identified as Pranay Kalita was also killed in the ambush

    CM Sonowal renews the dream of a bridge in Majuli

    Construction of a bridge to connect Majuli with rest of the outside world was one of the promises made by the BJP during the 2016 assembly elections.