26 C
Guwahati
Sunday, May 16, 2021
More

    শিলিগুৰিৰ পৰা ৰে’ল লাইনেৰে খোজকাঢ়ি আহিল অসমৰ ১৬ জন যুৱক

    খাদ্য সংকটত ভূগি এই সিদ্ধান্ত লয় যুৱককেইজনে

    জীৱন-জীৱিকাৰ সন্ধানত কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ গৈ লকডাউনৰ কবলত পৰি চৰম হাৰাশাস্তিৰ সন্মুখীন হৈছে অসমৰ ১৬জন যুৱক। অসমৰ গোৱালপাৰা আৰু বৰপেটা জিলাৰ বিভিন্ন এলেকাৰ নিৱাসী যুৱকসকল পশ্চিমবংগ শিলিগুৰিৰ বিভিন্ন প্ৰতিষ্ঠানত কৰ্মৰত আছিল৷ কিন্তু লকডাউন ঘোষণা হোৱাৰ পিছতে প্ৰতিষ্ঠানসমূহ বন্ধ হৈ পৰে৷

    ফলত কৰ্মহীন হৈ প্ৰায় একমাহ মজুত থকা ধন খৰচ কৰি খাদ্যৰ ব্যৱস্থা কৰিছিল যদিও সম্প্ৰতি ধন শেষ হৈ পৰাত খাদ্য সংকটত ভূগিছে তেওঁলোক৷ উপায়ন্তৰ হৈ খোজকাঢ়ি গৃহলৈ যাত্ৰা আৰম্ভ কৰে যুৱককেইজনে।

    দুদিন অনাহাৰে নিদ্ৰাহীনভাৱে ৰে’ল লাইনেৰে খোজকাঢ়ি আজি গোসাইগাঁও পোৱাৰ লগে লগে ৰে’ল আৰক্ষীয়ে আটক কৰি গোসাইগাঁও মহকুমা প্ৰশাসনক গতাই দিছে৷ পিছত সকলোকে স্বাস্থ্য পৰীক্ষা কৰি কোৱাৰাইন্টাইনৰ ব্যৱস্থা কৰা হয়৷

    Input & Photo: Biswajit Choudhury

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING