24 C
Guwahati
Saturday, June 19, 2021
More

    তেজপুৰ বিশ্ববিদ্যালয়ত সপ্তদশ সংখ্যক সমাৱৰ্তন অনুষ্ঠান

    অনুষ্ঠানত আচাৰ্য জগদিশ মুখীৰ লগতে মুখ্য অতিথিৰূপে উপস্থিত থাকে বিশ্ববিদ্যালয় অনুমোদন আয়োগৰ অধ্যক্ষ ধীৰেন্দ্ৰ পাল সিং

    তেজপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈছে সপ্তদশ সংখ্যক সমাৱৰ্তন অনুষ্ঠান। ১২৭৫ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ বিভিন্ন ডিগ্ৰী আৰু ডিপ্লোমা প্ৰদান কৰা হৈছে এই অনুষ্ঠানত। অনুষ্ঠানত আচাৰ্য জগদিশ মুখীৰ লগতে মুখ্য অতিথিৰূপে উপস্থিত থাকে বিশ্ববিদ্যালয় অনুমোদন আয়োগৰ অধ্যক্ষ ধীৰেন্দ্ৰ পাল সিং৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণু ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে এই সমাৱৰ্তন৷

    আজিৰ এই সমাৱৰ্তন অনুষ্ঠানত প্ৰদান কৰা বিভিন্ন ডিগ্ৰী সমুহৰ ভিতৰত আছে পি এইচ ডি, স্নাতকোত্তৰ ডিগ্ৰী, স্নাতক ডিগ্ৰী আৰু অন্য স্নাতক ডিপ্ল’মা সমুহ।

    ১২৭৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৮২ গৰাকীলৈ পি এইচ ডি , ৭৪৯ গৰাকীলৈ স্নাতকোত্তৰ ডিগ্ৰী, ৪০২ গৰাকীলৈ স্নাতক ডিগ্ৰী যাৰ ভিতৰত আছে (B.Tech, B.Sc, BA, B.Sc B.Ed, BA B.Ed, B.Com) আৰু ৪২ গৰাকীলৈ স্নাতক ডিপ্ল’মা। ইয়াৰ ভিতৰত ৪৬ গৰাকী টপাৰে লাভ কৰিছে সোণৰ পদকো।

    Photo Credit: Wikipedia

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING