31 C
Guwahati
Thursday, July 2, 2020
  • Home
  • Videos
  • T8 Radio
More

    ১৯ টাৰ মৃত্যু,গুৰুতৰভাৱে অসুস্থ ১২ টাকৈ দুষ্প্ৰাপ্য শগুণ!ক’ত এই অঘটন?

    প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দুষ্প্ৰাপ্য শগুণৰ এই অৱস্থাই মৰ্মাহত কৰিছে প্ৰকৃতিপ্ৰেমীক

    ডিমৌত ১৯ টাকৈ দুষ্প্ৰাপ্য শগুণৰ মৃত্যু।আনহাতে গুৰুতৰভাৱে অসুস্থ ১২ টাকৈ শগুণ।ডিমৌৰ সমীপৰ পানীদিহিং পক্ষী অভয়াৰণ্যৰ দাঁতিতে থকা দিচাংমুখৰ লেপাইগাঁৱত সংঘটিত হৈছে এই অঘটন। প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা এই ১৯ টাকৈ দুষ্প্ৰাপ্য শগুণৰ মৃত্যুত মৰ্মাহত প্ৰকৃতিপ্ৰেমী।

    দিচাংমুখ বন উপ-সংমণ্ডল কাৰ্যালয়ৰ অন্তৰ্গত লেপাইগাঁৱত বিষাক্ত দ্ৰৱ্য সেৱন কৰি মৃত্যু হোৱা এটা গৰু পোৱালি ভক্ষণ কৰাৰ পিছতে ১৯ টা শগুণ মৃত্যুমুখত পৰে আৰু অসুস্থ হৈ পৰে ১২ টাকৈ শগুণ।

    শিৱসাগৰ বন বিভাগৰ এটা দলৰ উপৰি ডিমৌ খণ্ড বনবিষয়া গৰাকীয়ে ঘটনাৰ সন্দৰ্ভত খবৰ পাই ততালিকে ঘটনাস্থলীত উপস্থিত হয়গৈ। ইয়াৰ পাছতে অসুস্থ শগুণকেইটাক বন বিভাগৰ লোকসকলে উদ্ধাৰ কৰি চ’ৰগুৱা বন বিভাগৰ কাৰ্যালয়তে শগুণ কেইটাৰ চিকিৎসা কৰি আছে। উল্লেখ্য যে,তৎকালীনভাৱে অসুস্থ শগুন কেইটাক উন্নত চিকিৎসা প্ৰদান নকৰিলে শগুণকেইটা মৃত্যুমুখত পৰাৰ শংকা প্ৰকাশ কৰিছে প্ৰকৃতিপ্ৰেমীসকলে।

    Main Photo Credit: HBW Alive

    Input & Photo: Iftikar Rahman

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    Coronavirus is a Hoax: Dr Satyakam Phukan

    Dr Phukan said, “I do not see any reason to terrorise the people in the name of coronavirus. State's health and family welfare minister has been misled by certain forces.

    Landslide Leaves One Dead At Kharguli

    Union Home Minister Amit Shah on Sunday called Assam’s health and family welfare minister Himanta Biswa Sarma and took stock of the situation over telephone.

    Do not come to Guwahati unless it is urgent: Minister Pijush Hazarika

    So far, 552 persons have been tested Covid-19 positive in Kamrup metro district alone.

    Assam Keelback Re-Appeared after 129 Years

    Last seen in 1891, a group of scientists of Wildlife Institute of India, has rediscovered the rare snake in Arunachal Pradesh

    26 Lockdown Violators Arrested on Day One of the Total Lockdown

    Throughout the day, the police detained 112 vehicles - 2 wheeler-61, 3 wheeler-17, 4 wheeler-32 and 6 wheeler-02.