দক্ষিণ কামৰূপৰ বকোৰ ছাটাবাৰীত নিশা ভয়াবহ পথ দুৰ্ঘটনা। ট্ৰাকৰ দৌৰাত্ম্যত খুন্দা খাই থিতাতে নিহত ২ চাইকেল আৰোহী। ছয়গাঁও উদ্যোগিক বিকাশ কেন্দ্ৰৰ সমীপত সংঘটিত হৈছে এই ভয়াৱহ পথ দুৰ্ঘটনা। নিহত ২ যুৱকৰ নাম প্ৰান্তিক কলিতা আৰু অংকন কলিতা বুলি জানিব পৰা গৈছে।
প্ৰান্তিক কলিতাৰ ঘৰ ২নং ছাটাবাৰীত। অংকন কলিতাৰ ঘৰ গোঁসাইপাৰাত। জেডিবি ষ্টিল কোম্পানীত একেলগে কৰ্মৰত আছিল দুই যুৱক। এখন চাইকেলেৰে কৰ্মস্থলীৰ পৰা ঘৰলৈ আহি থকা অৱস্থাতে সংঘটিত হয় এই দুৰ্ঘটনাটি। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা AS 01-CC 5873 নম্বৰৰ ট্ৰাকখন ইতিমধ্যে বকো আৰক্ষীয়ে জব্দ কৰিছে।