পশ্চিমবংগঃ CAAৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ সময়ত বোমা নিক্ষেপ, ২ লোক নিহত

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি সংঘাতৰ সময়ত দুজন লোক নিহত হয় আৰু এজন আহত হয়। আহত লোকজনক ততালিকে হাস্পতাললৈ প্ৰেৰণ কৰা হয়
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দেশজুৰি বিভিন্ন স্থানত প্ৰতিবাদ অব্যাহত। পশ্চিমবংগৰ মুৰ্ছিদাবাদ জিলাত হোৱা প্ৰতিবাদৰ সময়ত দুটা গোটৰ মাজত হোৱা সংঘাতে হিংসাত্মক ৰূপ ধাৰণ কৰে। দুয়োটা দলৰ মাজত দেশীয় বোমা নিক্ষেপ কৰাৰ লগতে গুলীবৰ্ষণো কৰে। আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি সংঘাতৰ সময়ত দুজন লোক নিহত হয় আৰু এজন আহত হয়। আহত লোকজনক ততালিকে হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে আহতক মুৰ্ছিদাবাদ মেডিকেল কলেজ তথা হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয় আৰক্ষীৰ দল। আৰক্ষী বিষয়াই জনোৱা অনুসৰি প্ৰতিবাদস্থলীত দুটা দলৰ মাজত প্ৰথমে তৰ্ক-বিতৰ্ক আৰম্ভ হৈছিল কিন্তু পিছত এই তৰ্ক-বিতৰ্ক সংঘাতলৈ পৰিৱৰ্তন হয়।

Photo credit: amarujala.com

Related Post