২০২০ বৰ্ষৰ পদ্ম বঁটা ঘোষণা, অসমৰ ৫গৰাকী বিশিষ্ট ব্যক্তিলৈ পদ্মশ্ৰী সন্মান

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
এই বৰ্ষত দেশৰ ক্ৰীড়া ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে দুগৰাকীকৈ মহিলাই লাভ কৰিছে পদ্ম সন্মান
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

৭১ সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা হ’ল ২০২০ চনৰ ভাৰতবৰ্ষৰ অন্যতম সৰ্বোচ্চ সন্মান পদ্ম সন্মান লাভ কৰা বিভিন্ন ব্যক্তিৰ তালিকা। পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী সন্মানৰ এই তালিকাত নিজ নিজ ক্ষেত্ৰত আগবঢ়োৱা উল্লেখযোগ্য সেৱাৰ বাবে কিছু বিশেষ ব্যক্তিৰ নাম সন্নিৱিষ্ট হৈছে। শিল্প-কলা, শিল্প-সাহিত্য, ক্ৰীড়া, চিকিৎসা, উদ্যোগিক খণ্ড, কৃষি, সামাজিক সেৱা, উমৈহতীয়া সেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, প্ৰশাসনিক সেৱাকে ধৰি বহু কেইটা শিতান ইয়াত সন্নিৱিষ্ট কৰা হৈছে।

২০২০ বৰ্ষৰ এই তালিকাত মুঠ ৭ গৰাকীয়ে পদ্ম বিভূষণ, ১৬ গৰাকীয়ে পদ্মভূষণ আৰু ১১৭ গৰাকীয়ে পদ্মশ্ৰী সন্মান লাভ কৰিছে। ইয়াৰ ভিতৰত অসমৰ মুঠ ৫ গৰাকীকৈ ব্যক্তিলৈ আগবঢ়োৱা হৈছে এই বিশিষ্ট সন্মান। ইয়াৰ ভিতৰত আছে ইন্দিৰা পি.পি. বৰা, লিল বাহাদুৰ চেত্ৰী, ড০ ৰবি কান্নান আৰ, যোগেন্দ্ৰ নাথ ফুকন আৰু ড০ কুশল কোঁৱৰ শৰ্মা।

এই বৰ্ষত দেশৰ ক্ৰীড়া ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে দুগৰাকীকৈ মহিলাই লাভ কৰিছে পদ্ম সন্মান। বক্সিং ৰিঙৰ মহাৰথী মেৰীকমে দেশৰ দ্বিতীয় সৰ্বোচ্চ সন্মান পদ্ম বিভূষণ আৰু বেডমিণ্টন খেলুৱৈ পি. ভি. সিন্ধুৱে লাভ কৰিছে দেশৰ তৃতীয় সৰ্বোচ্চ সন্মান পদ্মভূষণ।

অসমৰ পদ্মশ্ৰী সন্মান লাভ কৰোতাসকল

দেশৰ দ্বিতীয় সৰ্বোচ্চ সন্মানপদ্ম বিভূষণ লাভ কৰোতা অন্য সকল হৈছে, প্ৰয়াত জৰ্জ ফাৰ্ণাণ্ডেজ, প্ৰয়াত অৰুণ জেটলী, প্ৰয়ায় সুষমা স্বৰাজ, চন্নুলাল মিশ্ৰা আদি।

Related Post