Skip to content

আজি বছৰৰ দ্বিতীয়টো চন্দ্ৰগ্ৰহণ; এইটো হ’ব উপছায়া গ্ৰহণ

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
আজিৰ এই উপছায়া চন্দ্ৰগ্ৰহণ ভাৰতবৰ্ষৰ বাহিৰেও এছিয়া মহাদেশৰ অন্য কিছুমান দেশ, অষ্ট্ৰেলিয়া আৰু লগতে আফ্ৰিকাতো দেখা পোৱা যাব
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

আজি নিশা বছৰৰ দ্বিতীয়টো চন্দ্ৰগ্ৰহণ হ’ব। আজিৰ চন্দ্ৰ গ্ৰহণটো হ’ব উপছায়া গ্ৰহণ।

ভাৰততো দৃশ্যমান হ’ব আজিৰ এই চন্দ্ৰগ্ৰহণ। আজিৰ এই চন্দ্ৰগ্ৰহণটো নিশা ১১ বাজি ১১ মিনিটত দৃশ্যমান হ’ব।

অৱশ্যে এই উপছায়া চন্দ্ৰগ্ৰহণটো বিশেষ প্ৰভাৱিত চন্দ্ৰগ্ৰহণ নহয় বুলি দাবি কৰে জ্যোতিষী সকলে।

তথাপি কিছু সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজনীয়তা আছে বুলি কয়। লগতে শাস্ত্ৰ অনুসৰি ইয়াক গ্ৰহণ হিচাপে মানি লোৱা নহয়।

সেয়ে এই সময়ছোৱাত ধৰ্মীয় কামকাজত কোনো বাধা নাথাকে।

আজিৰ এই উপছায়া চন্দ্ৰগ্ৰহণটো নিশা ২বাজি ৩৪ মিনিটত সমাপ্ত হ’ব। প্ৰায় তিনিঘন্টা সময় ধৰি থাকিব এই চন্দ্ৰগ্ৰহণ।

এই উপছায়া চন্দ্ৰগ্ৰহণটো ভাৰতৰ বাহিৰেও এছিয়া মহাদেশৰ অন্য কিছুমান দেশ, অষ্ট্ৰেলিয়া আৰু আফ্ৰিকাতো দেখা পোৱা যাব।

কি এই উপছায়া গ্ৰহণ?

যেতিয়া চন্দ্ৰ পৃথিৱীৰ বাস্তৱিক ছায়াৰ ভিতৰত প্ৰৱেশ নকৰাকৈয়ে বাহিৰলৈ ওলাই আহে তেতিয়া তাকেই উপছায়া চন্দ্ৰগ্ৰহণ বুলি কোৱা হয়।

গ্ৰহণৰ সময়ছোৱাত চন্দ্ৰটো গ্ৰাস হোৱা অৱস্থাৰ পৰিৱৰ্তে সম্পূৰ্ণ আকাৰত দেখা পোৱা যাব।

আজিৰ চন্দ্ৰ গ্ৰহণ আৰম্ভ হোৱাৰ পূৰ্বে চন্দ্ৰটো পৃথিৱীৰ উপছায়াত প্ৰৱেশ কৰিব।

জুন মাহৰ এই চন্দ্ৰগ্ৰহণৰ পাছত জুলাই আৰু নৱেম্বৰত আন দুটা চন্দ্ৰগ্ৰহণ দেখা পোৱা যাব।

চন্দ্ৰগ্ৰহণৰ সময়ত উৰ্বৰতা, মানৱ দেহত ছালৰ ৰোগ, হজম শক্তি তথা চকুৰ ওপৰত প্ৰভাৱ পৰাৰ কথা বিশ্বাস কৰা হয়।

সেয়ে এইক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাতো উচিত বুলি প্ৰবাদ মতে বিশ্বাস কৰি অহা হৈছে। যদিও বিজ্ঞানভিত্তিক ইয়াৰ কোনো প্ৰভাৱ নাই।

Photo Credit: India.com

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp