উত্তৰ-পূবত ধৰা পৰিল দ্বিতীয়জন কৰ’ণা আক্ৰান্ত ব্যক্তি। মনিপুৰৰ পিছত এইবাৰ মিজোৰামৰ ৫০ বৰ্ষীয় ব্যক্তি মহামাৰী কৰ’ণাৰ গ্ৰাসত। লোকজনৰ নমুনা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দ্বিতীয় বাৰৰ বাবে পৰীক্ষা কৰাৰ পাছত তেওঁৰ নমুনা পজিটিভ পোৱা যায়।
লোকজনৰ দেহত COVID19 পজিটিভ ধৰা পৰিছে। প্ৰথমতে মিজোৰামৰ পৰীক্ষাগাৰতে পৰীক্ষা কৰা হৈছিল লোকজনৰ। তাৰ পাছত দ্বিতীয় পৰীক্ষাৰ বাবে কালি নিশা ১১ বজাত নমুনা প্ৰেৰণ কৰা হৈছিল GMCH লৈ।
জানিব পৰা মতে কৰ’ণাত আক্ৰান্ত লোকজনে শেহতীয়াভাৱে ভ্ৰমণ কৰিছিল বহুকেইখন দেশ। লোকজনে কাটাৰ, আমষ্টাৰডাম, ইস্তানবুল, ডোহা ভ্ৰমণ কৰা বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে, কালি উত্তৰ পূবৰ প্ৰথমটো কৰ’ণা ভাইৰাছত আক্ৰান্ত খবৰ আহিছিল। মণিপুৰৰ ইম্ফলৰ ২৩ বছৰীয়া যুৱতী এগৰাকীৰ শৰীৰত এই ভাইৰাছবিধ ধৰা পৰিছিল। ৬দিন পূৰ্বে তেওঁ ব্ৰিটেইনৰ পৰা ঘৰলৈ উভতি আহিছিল।
Photo Credit: NDTV