19 C
Guwahati
Thursday, February 27, 2020
  • Home
  • Videos
  • T8 Radio
More
    Home Khabar অসম নলবাৰী আৰক্ষীৰ মূৰৰ কামোৰণি ৩ ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ

    নলবাৰী আৰক্ষীৰ মূৰৰ কামোৰণি ৩ ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ

    নলবাৰী সদৰ থানাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে যোগদান কৰাৰ দিনাৰে পৰা OC তপন কলিতাই বৰ্তমানলৈকে ড্ৰাগছ আৰু ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে

    ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে নলবাৰী৷ দিনক দিনে বৃদ্ধি পাইছে যুৱ প্ৰজন্মক মৃত্যুৰ মুখলৈ ঠেলি দিয়া ড্ৰাগছৰ ৰমৰমীয়া বেহা৷ পুনৰ বৃহৎ পৰিমাণৰ নিচাযুক্ত ঔষধসহ আৰক্ষীৰ জালত পৰিল তিনি ড্ৰাগছ সৰবৰাহকাৰী৷ ধৃত তিনি সৰবৰাহকাৰী ক্ৰমে বিক্ৰম তালুকদাৰ,দিগন্ত ডেকা আৰু জিণ্টু তালুকদাৰ৷

    তিনিওজন ড্ৰাগছ সৰবৰাহকাৰী যুৱক নলবাৰী জিলাৰ মুকালমুৱা চান্দাৰ৷ AS-01-AJ-3542 নম্বৰৰ চেন্ট’ গাড়ীৰে সৰ্থেবাৰী ফালৰ পৰা ড্ৰাগছসহ নলবাৰীৰ চামতা অভিমুখে আহি থকাৰ সময়তে মালোপাৰাত নলবাৰী আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি তিনি সৰবৰাহকাৰীসহ বাহনখনৰ লগতে বৃহৎ পৰিমাণৰ নিচাযুক্ত ঔষধ খিনি হাতেলোটে জব্দ কৰে৷

    দীৰ্ঘদিন ধৰি নলবাৰী আৰক্ষীৰ মুৰৰ কামোৰণি হৈ থকা এই তিনি ড্ৰাগছ মাফিয়াক কৰায়ত্ত কৰি সম্প্ৰতি নলবাৰী সদৰ থানাত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷ উল্লেখযোগ্য যে নলবাৰী সদৰ থানাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে যোগদান কৰাৰ দিনাৰে পৰা OC তপন কলিতাই বৰ্তমানলৈকে ড্ৰাগছ আৰু ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই জিলাখনৰ কেইবাটাও ড্ৰাগছৰ ঘাটি তথা ড্ৰাগছ মাফিয়াক কৰায়ত্ত কৰিছে যদিও এই তিনি ড্ৰাগছ মাফিয়াই নলবাৰী আৰক্ষীৰ বাবে হৈ পৰিছিল মুৰৰ কামোৰণি৷ অৱশেষত বিশেষ সূত্ৰৰ ভিত্তিত অভিযান চলাই কৰায়ত্ত কৰিবলৈ সক্ষম হয় তিনি ড্ৰাগছ মাফিয়াক ৷

    Photo Credit:@hirakdeka

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    OPINION

    ভাড়াঘৰ…ভাড়াতীয়া আৰু মালিকপক্ষ… মহানগৰীৰ ভাড়াঘৰত কিমান সুৰক্ষিত আপুনি ?

    গুৱাহাটী মহানগৰীত বৰ্তমান এক সমস্যাৰূপে থিয় দিছে ভাড়াঘৰে। হয়তো এনে সমস্যাৰ সৈতে আপুনিও সন্মুখীন হৈছে, কিন্তু প্ৰকাশ কৰিব পৰা নাই।...

    নিবন্ধঃ সংকটত অসমৰ মূল ইছলাম ধৰ্মী লোকসকল !

    মইনুল ইছলাম অসমৰ প্ৰকৃত ইছলাম ধৰ্মীলোক কোনসকল? সংখ্যাত তাকৰ হোৱাৰ বাবে ধৰ্মীয় বিশ্বাস সলনি কৰাৰ পাছত কেতিয়াও স্বধৰ্মীৰ চলাহি...

    Get Rs 50 Lakh If Play Good Athletics, Rs 20 Lakh If Die For Nation: Assam Government

    As soon as Prime Minister Narendra Modi, asked the Indian Military to decide time, place of respond as per India’s new “neeti” and “reeti”,(resolve...

    Life Lessons Of Living Alone In Guwahati

    If you are a group of single women working in the banking or IT sector and looking for a secured, affordable and descent house in Guwahati

    অন্ধবিশ্বাস…বিকৃত মানসিকতা আৰু এটা শব্দ ‘ডাইনী’

    বহু ভিতৰুৱা গাঁৱৰ এগৰাকী মহিলা। স্বামীহাৰা মহিলাগৰাকীয়ে অকলশৰে থাকি ভাল পায়। কাৰণ তেওঁ জীৱনত সকলো হেৰুৱাই নিথৰুৱা হৈ পৰিছে। ভিতৰুৱা গাঁওখনৰ...

    কংগ্ৰেছমুক্ত অসম নে কংগ্ৰেছ যুক্ত বিজেপি?

    এজনৰ পিছত আন এজন কংগ্ৰেছী নেতাৰ আগমণ ঘটিছে ভাৰতীয় জনতা পাৰ্টীলৈ। একপ্ৰকাৰে কংগ্ৰেছত নাটনি হৈ পৰিছে নেতা কৰ্মীৰ। ডঃ হিমন্ত বিশ্ব...

    Of Travelling Solo In The Heaven Of Sikkim

    Travelling solo is an awarding way of travel and it is an experience that stays with you for a lifetime. Some people...

    TRENDING