Skip to content

দিল্লীৰ হিংসাঃ পুনৰ ২টাকৈ মৃতদেহ উদ্ধাৰ

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
ইফালে ছীলমপুৰ, জাফৰাবাদ, বাবৰপুৰত সুৰক্ষাকৰ্মী মোতায়ন কৰা হ'ব। আজিও দিল্লীৰ পৰিস্থিতি যথেষ্ট অশান্তিকৰ। চিবিআই বৰ্ডে নৰ্থ-ইষ্ট দিল্লীত মুঠ ৮০টা পৰীক্ষা কেন্দ্ৰৰ পৰীক্ষা স্থগিত কৰিছে
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

দিল্লীত বিগত কিছুদিন ধৰি অব্যাহত আছে কেৱল প্ৰতিবাদ। দিল্লীৰ হিংসাত্মক ঘটনাত বৰ্তমানলৈ মুঠ ৩৪জন লোকে প্ৰাণ হেৰুৱাইছে। নয়দাৰ আশে-পাশে আৰু দিল্লীৰ NCRৰ কেইবাটাও এলেকাত যেনে ছীলমপুৰ, জাফৰাবাদ, বাবৰপুৰ আৰু মৌজপুৰত প্ৰতিবাদকাৰীয়ে কেইবাটাও হিংসাত্মক ঘটনা সংঘটিত কৰে।

দিল্লীৰ হিংসাত বৰ্তমানলৈ কনিষ্টবল আৰু IB বিষয়াৰ মৃত্যুসহ মুঠ ৩৪জন লোকে প্ৰাণ হেৰুৱাইছে। আজিও মৌজপুৰ এলেকাত সুৰক্ষাবলে মাৰ্চ কৰিব। ইফালে ছীলমপুৰ, জাফৰাবাদ, বাবৰপুৰত সুৰক্ষাকৰ্মী মোতায়ন কৰা হ’ব। আজিও দিল্লীৰ পৰিস্থিতি যথেষ্ট অশান্তিকৰ। চিবিআই বৰ্ডে নৰ্থ-ইষ্ট দিল্লীত মুঠ ৮০টা পৰীক্ষা কেন্দ্ৰৰ পৰীক্ষা স্থগিত কৰিছে।

আজি দিল্লীৰ গোকুলপুৰী এলেকাত ২টা মৃতদেহ উদ্ধাৰ কৰিছে। দিল্লীৰ হিংসাক লৈ গৃহ মন্ত্ৰী অমিত শ্বাহৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে। কংগ্ৰেছৰ অন্তৱৰ্তী অধ্যক্ষ ছোনিয়া গান্ধীয়ে কাৰ্যকৰী কমিটীৰ বৈঠকৰ পিছত সংবাদমেল সম্বোধন কৰি দিল্লীৰ হিংসাত্মক ঘটনাৰ দায়ী অমিত শ্বাহ বুলি কয়। ছোনিয়া গান্ধীয়ে প্ৰশ্ন উত্থাপন কৰিছে যে দেওবাৰৰ পৰা অমিত শ্বাহ ক’ত আছিল আৰু কি কৰি আছিল?

Photo credit: newsstate.com

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp