24 C
Guwahati
Saturday, April 4, 2020
  • Home
  • Videos
  • T8 Radio
More
    Home Khabar ৰাষ্ট্ৰীয় মক্কাৰ পৰা উভতি অহা ৩৭ গৰাকী লোকে নাইকিয়া কৰিছিল কোৱাৰানটাইন ষ্টাম্প

    মক্কাৰ পৰা উভতি অহা ৩৭ গৰাকী লোকে নাইকিয়া কৰিছিল কোৱাৰানটাইন ষ্টাম্প

    এই ঘটনাটো উত্তৰ প্ৰদেশৰ পিলিভিটৰ। ঘটনাটোৰ বিষয়ে তেতিয়াহে ওলাই পৰিল যেতিয়া সেই দলটোত যোৱা এগৰাকী মহিলা অসুস্থ হৈ পৰে

    মক্কাৰ ওমৰাৰ পৰা ঘূৰি অহা এটা দলত অংশগ্ৰহণ কৰা ৩৭ গৰাকী লোকে যি ঘটনা সংঘটিত কৰিলে সেয়া শুনিলে আপোনাৰো চকু কপালত উঠিব। হাতত লগোৱা কোৱাৰানটাইন ষ্টাম্প(Quarantine Stamp)প্ৰথমে বিশেষ পাৰফিউমেৰে নাইকিয়া কৰিলে আৰু তাৰ পিছত ছলেৰে নিজৰ ঘৰত উপস্থিত হয়।

    এই ঘটনাটো উত্তৰ প্ৰদেশৰ পিলিভিটৰ। ঘটনাটোৰ বিষয়ে তেতিয়াহে ওলাই পৰিল যেতিয়া সেই দলটোত যোৱা এগৰাকী মহিলা অসুস্থ হৈ পৰে। পিছত গম পোৱা গ’ল যে মহিলাগৰাকী কৰ’ণা (COVID-19) পজিটিভ।

    মহিলাগৰাকীৰ পুত্ৰও কৰ’ণা পজিটিভ। পিলিভিটৰ প্ৰায় আধা ডৰ্জন গাঁৱৰ পৰা ৩৭ গৰাকী লোক কেইদিনমান পূৰ্বে ওমৰা কৰিবলৈ গৈছিল।২৫ গৰাকী লোক এখন গাঁৱৰে আছিল। মক্কাৰ পৰা মুম্বাইৰে আহি ১৯ মাৰ্চত সকলোৱে ঘৰলৈ উভতিছিল। মুম্বাই বিমানবন্দৰত প্ৰতিগৰাকী লোকৰে হাতত কোৱাৰানটাইনৰ ষ্টাম্প লগোৱা হৈছিল। কিন্তু লগত লৈ অহা বিদেশী পাৰফিউমেৰে তেওঁলোকে ষ্টাম্প এনেদৰে আঁতৰাইছিল যে যাতে কোনোৱে ধৰিব নোৱাৰে।

    মুম্বাইৰ পৰা লক্ষ্ণৌ বিমানেৰে আহিলে পুনৰ তদন্ত কৰিব বুলি শংকাত আটাইকেইজন লোকে ৰে’লেৰে যাত্ৰা কৰিছিল। ৰে’লেৰে লক্ষ্ণৌ উপস্থিত হৈ আটাইকেইজনে বাছেৰে পিলিভিটলৈ ৰাওনা হৈছিল। উভতি যোৱাৰ দিনাই সেই দলটোৰ এগৰাকী মহিলা অসুস্থ হৈ পৰিছিল আৰু তেওঁক জিলা হাস্পতাললৈ লৈ যোৱা হৈছিল।

    বিদেশৰ পৰা ঘূৰি অহা কাৰণে ডক্তৰৰ কৰ’ণাৰ সন্দেহ ওপজিল আৰু নমুনা KGMU লক্ষ্ণৌলৈ প্ৰেৰণ কৰা হয়। ২২ মাৰ্চত অহা ৰিপৰ্টৰ পৰা জানিব পাৰিলে যে মহিলাগৰাকী কৰ’ণা ভাইৰাছত সংক্ৰমিত। মহিলাগৰাকীৰ পৰিয়ালৰ আন সদস্যসকলৰো পৰীক্ষা কৰোৱা হ’ল। পিছত জানিব পাৰিলে যে মহিলাগৰাকীৰ পুত্ৰও এই ভাইৰাছত সংক্ৰমিত। পুত্ৰও মাতৃৰ সৈতে মক্কালৈ গৈছিল।

    জিলাখনৰ জ্যেষ্ঠ আৰক্ষী বিষয়াই ক’লে যে সোধাপোছা কৰোতে গম পোৱা গ’ল যে দলটোত থকা লোকসকলে হাতত থকা কোৱাৰানটাইন ষ্টাম্প আঁতৰাই দিছিল। যাতে তেওঁলোকক সন্দেহত নপৰে। মহিলাগৰাকীৰ অসুস্থ হৈ পৰাতহে গম পোৱা গ’ল যে দলটোৰ আটাইকেইজন লোক সন্দেহজনক। ইয়াৰ পিছত দলটোৰ আটাইকেইজন লোকক পিলিভিটৰ কোৱাৰানটাইন কেন্দ্ৰত প্ৰেৰণ কৰা হয়।

    Photo credit: www.tv9bharatvarsh.com/

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    OPINION

    ভাড়াঘৰ…ভাড়াতীয়া আৰু মালিকপক্ষ… মহানগৰীৰ ভাড়াঘৰত কিমান সুৰক্ষিত আপুনি ?

    গুৱাহাটী মহানগৰীত বৰ্তমান এক সমস্যাৰূপে থিয় দিছে ভাড়াঘৰে। হয়তো এনে সমস্যাৰ সৈতে আপুনিও সন্মুখীন হৈছে, কিন্তু প্ৰকাশ কৰিব পৰা নাই।...

    নিবন্ধঃ সংকটত অসমৰ মূল ইছলাম ধৰ্মী লোকসকল !

    মইনুল ইছলাম অসমৰ প্ৰকৃত ইছলাম ধৰ্মীলোক কোনসকল? সংখ্যাত তাকৰ হোৱাৰ বাবে ধৰ্মীয় বিশ্বাস সলনি কৰাৰ পাছত কেতিয়াও স্বধৰ্মীৰ চলাহি...

    Get Rs 50 Lakh If Play Good Athletics, Rs 20 Lakh If Die For Nation: Assam Government

    As soon as Prime Minister Narendra Modi, asked the Indian Military to decide time, place of respond as per India’s new “neeti” and “reeti”,(resolve...

    Life Lessons Of Living Alone In Guwahati

    If you are a group of single women working in the banking or IT sector and looking for a secured, affordable and descent house in Guwahati

    অন্ধবিশ্বাস…বিকৃত মানসিকতা আৰু এটা শব্দ ‘ডাইনী’

    বহু ভিতৰুৱা গাঁৱৰ এগৰাকী মহিলা। স্বামীহাৰা মহিলাগৰাকীয়ে অকলশৰে থাকি ভাল পায়। কাৰণ তেওঁ জীৱনত সকলো হেৰুৱাই নিথৰুৱা হৈ পৰিছে। ভিতৰুৱা গাঁওখনৰ...

    কংগ্ৰেছমুক্ত অসম নে কংগ্ৰেছ যুক্ত বিজেপি?

    এজনৰ পিছত আন এজন কংগ্ৰেছী নেতাৰ আগমণ ঘটিছে ভাৰতীয় জনতা পাৰ্টীলৈ। একপ্ৰকাৰে কংগ্ৰেছত নাটনি হৈ পৰিছে নেতা কৰ্মীৰ। ডঃ হিমন্ত বিশ্ব...

    Of Travelling Solo In The Heaven Of Sikkim

    Travelling solo is an awarding way of travel and it is an experience that stays with you for a lifetime. Some people...

    TRENDING