29 C
Guwahati
Saturday, September 11, 2021
More

    শিৱসাগৰত ৪৮ ঘণ্টীয়া ONGC বন্ধৰ আহ্বান, ১২গৰাকী বন্ধ সমৰ্থকক আটক

    বৃহস্পতিবাৰে পুৱা ৫ বজাৰ পৰা শনিবাৰৰ পুৱা ৫ বজালৈকে আহ্বান জনাইছে এই ৪৮ঘণ্টীয়া ONGC বন্ধৰ

    বৃহস্পতিবাৰৰ পৰা শিৱসাগৰত ৪৮ ঘন্টীয়া ONGC বন্ধৰ আহ্বান জনাইছে ৪টা জাতীয় সংগঠনে। সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, আহোম জাতীয় গণমঞ্চ আৰু মেচ কছাৰী জাতীয় পৰিষদ অসমৰ শিৱসাগৰ জিলা সমিতিয়ে বৃহস্পতিবাৰে পুৱা ৫ বজাৰ পৰা শনিবাৰৰ পুৱা ৫ বজালৈকে আহ্বান জনাইছে এই ৪৮ঘণ্টীয়া ONGC বন্ধৰ।

    ONGCৰ থলুৱা বিৰোধী নীতিৰ প্ৰতিবাদত চাৰি জাতীয় সংগঠনে এই বন্ধৰ আহ্বান জনাইছে। শিৱসাগৰ জিলাৰ থলুৱা ঠিকাদাৰসকলক প্ৰতাৰিত কৰিব লোৱা নীতি আৰু অন্যান্য দাবীৰ সমৰ্থনত এই বন্ধ কাৰ্যসূচী গ্রহণ কৰা হৈছে। বন্ধৰ ফলত ব্যাহত হৈ পৰিছে স্বাভাৱিক জন-জীৱন। টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত প্ৰতিবাদকাৰীৰ।

    পুৱা অএনজিচি অসম সম্পদৰ শিৱসাগৰস্থিত ট্ৰেন্সপ’ৰ্ট চেলৰ পৰা জিলাৰ বিভিন্ন এলেকাত থকা খনন উৎপাদন স্থললৈ যোৱা বিষয়া-কৰ্মচাৰীক বন্ধৰ সমৰ্থকে বাধা প্ৰদান কৰে। গাড়ী চলাচলত বাধা প্ৰদান কৰা সংগ্ৰামী যুৱ মঞ্চৰ শিৱসাগৰ নগৰ সমিতিৰ সভাপতি ৰাজেশ দাসসহ ১২গৰাকী বন্ধ সমৰ্থকক শিৱসাগৰ আৰক্ষীয়ে আটক কৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING