28 C
Guwahati
Tuesday, November 19, 2019
  • Home
  • Videos
  • T8 Radio
More
    Home Khabar অসম লজ্জাজনক! ৬৭ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি ৪ বছৰীয়া শিশু

    লজ্জাজনক! ৬৭ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি ৪ বছৰীয়া শিশু

    তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কুমাৰীকাটা আৰক্ষী চকীৰ অধীনস্থ এন কে আঙাৰকাটাত সোমবাৰে সংঘটিত হয় এই অমানুষিক ঘটনা

    তামুলপুৰৰ এন কে আঙাৰকাটাত এটি ৪ বছৰীয়া শিশুক যৌন নিৰ্যাতন কৰি ৰঙাঘৰৰ আলহী হ’ল ৬৭ বছৰীয়া এগৰাকী বৃদ্ধ। তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কুমাৰীকাটা আৰক্ষী চকীৰ অধীনস্থ এন কে আঙাৰকাটাত সোমবাৰে সংঘটিত হয় এই অমানুষিক ঘটনা।

    ধৃত লোকজনৰ নাম দাওমা বড়ো। লম্পট দাওমা বড়োৱে শিশুটিক নিজৰ ঘৰৰ পাছফালে শিমলু আৰু আলু দিয়াৰ চলেৰে মাতি লৈ যায় আৰু বলপূৰ্বকভাৱে যৌন নিৰ্যাতন কৰি শিশুটিৰ হাতত কেইটামান আলু দি ঘৰলৈ পঠিয়াই দিয়ে৷ ঘৰলৈ আহি শিশুটি হঠাৎ অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে শিশুটিক সোধাত পেটৰ বিষ বুলি কয়।

    পৰিয়ালৰ লোকে শিশুটিক পৰ্যবেক্ষণ কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে আৰু ততালিকে পৰিয়ালৰ লোকে কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়লৈ লৈ অনাত চিকিৎসকে পৰিয়ালৰ লোকক শিশুটি যৌন নিৰ্যাতনৰ বলি হোৱা বুলি প্ৰকাশ কৰি শিশুটিক উন্নত চিকিৎসাৰ বাবে তামুলপুৰলৈ পঠিয়াই দিয়ে৷

    ধৰ্ষণ কৰি লম্পদ দাওমা বড়ো পলায়ন কৰে যদিও মঙলবাৰে পৰিয়ালৰ এজাহাৰৰ ভিত্তিত কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বনজিৎ উজিৰৰ নেতৃত্বত যোৱা এটা আৰক্ষী দলে পুৱা শিমুলুগুৰীৰ পৰা নিজ বাসগৃহত লুকাই থকা অৱস্থাত লম্পট লোকজনক আটক কৰি কুমাৰীকাটা আৰক্ষী চকীলৈ আনে আৰু অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    OPINION

    ভাড়াঘৰ…ভাড়াতীয়া আৰু মালিকপক্ষ… মহানগৰীৰ ভাড়াঘৰত কিমান সুৰক্ষিত আপুনি ?

    গুৱাহাটী মহানগৰীত বৰ্তমান এক সমস্যাৰূপে থিয় দিছে ভাড়াঘৰে। হয়তো এনে সমস্যাৰ সৈতে আপুনিও সন্মুখীন হৈছে, কিন্তু প্ৰকাশ কৰিব পৰা নাই।...

    নিবন্ধঃ সংকটত অসমৰ মূল ইছলাম ধৰ্মী লোকসকল !

    মইনুল ইছলাম অসমৰ প্ৰকৃত ইছলাম ধৰ্মীলোক কোনসকল? সংখ্যাত তাকৰ হোৱাৰ বাবে ধৰ্মীয় বিশ্বাস সলনি কৰাৰ পাছত কেতিয়াও স্বধৰ্মীৰ চলাহি...

    Get Rs 50 Lakh If Play Good Athletics, Rs 20 Lakh If Die For Nation: Assam Government

    As soon as Prime Minister Narendra Modi, asked the Indian Military to decide time, place of respond as per India’s new “neeti” and “reeti”,(resolve...