‘কা’ বিৰোধী প্ৰতিবাদে সোমবাৰে হিংসাত্মক ৰূপ ধাৰণ কৰে দিল্লীত। আৰক্ষী কণিষ্টবলসহ এই পৰ্যন্ত মৃত্যুক আঁকোৱালি ল’লে ৫ জনে। মঙলবাৰে পুৱাও শিলাবৰ্ষণ কৰে প্ৰতিবাদকাৰীয়ে। সোমবাৰে হিংসাৰ পিছত উত্তৰ পূৱ দিল্লীৰ বহুকেইটা এলেকাত ১৪৪ধাৰা জাৰি কৰা হৈছে।
দিল্লী চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে উপদ্ৰৱ চলা এলেকাত বন্ধ থাকিব চৰকাৰী স্কুল। কালিৰ ‘কা’ বিৰোধী প্ৰতিবাদত আহতৰ সংখ্যাই অতিক্ৰম কৰিলে ১৬০ৰো অধিক সংখ্যা। দিল্লীৰ পৰিস্থিতিক লৈ নিশা বৈঠকত মিলিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। এই বৈঠকত উপস্থিত থাকে দিল্লীৰ আয়ুক্ত, গৃহ সচিব তথা অন্যান্য উচ্চ পদস্থ বিষয়া।
Photo Credit:mathrubhumi.com