22 C
Guwahati
Sunday, November 17, 2019
  • Home
  • Videos
  • T8 Radio
More
    Home Khabar অসম ডিটেনচন কেম্পৰ পৰা মুকলি আকাশৰ তলত বঙাইগাঁৱৰ ৫ গৰাকী লোক

    ডিটেনচন কেম্পৰ পৰা মুকলি আকাশৰ তলত বঙাইগাঁৱৰ ৫ গৰাকী লোক

    শুকুৰবাৰে বঙাইগাঁৱৰ ৫ গৰাকী লোকক ডিলা আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ সীমান্ত শাখাৰ আৰক্ষীৰ লোকে সকলো প্ৰমাণ পত্ৰ লৈ নিজ বাসগৃহলৈ প্ৰেৰণ কৰে

    গোৱালপাৰাৰ ডিটেনচন কেম্পত বিগত ৩-৪ বছৰে আৱদ্ধ হৈ থকা ৫ গৰাকী লোক ওলাই আহিল মুকলি আকাশৰ তলত। সেইসময়ত উপযুক্ত নথি-পত্ৰ জমা দিব নোৱাৰাৰ বাবে সন্দেহজনকভাৱে ভাৰতীয় লোককে বিদেশী সজাই ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰিছিল সীমান্ত শাখাৰ আৰক্ষীয়ে।

    শুকুৰবাৰে বঙাইগাঁৱৰ ৫ গৰাকী লোকক ডিলা আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ সীমান্ত শাখাৰ আৰক্ষীৰ লোকে সকলো প্ৰমাণ পত্ৰ লৈ নিজ বাসগৃহলৈ প্ৰেৰণ কৰে। পৰিয়ালৰ লোক আৰু বিভিন্ন দল-সংগঠনে আদৰণি জনাই লোককেইগৰাকীক।

    ডিটেনচন কেম্পৰ মুকলি হোৱা লোককেইগৰাকীৰ নাম হ’ল গেৰুকাবাৰীৰ ৰতন বিশ্বাস, অভয়াপুৰীৰ চাবিনা বেওৱা, যোগীঘোপাৰ কচুদোলাৰ দুধন দাস, মানিকপুৰৰ শান্তি বালা মণ্ডল আৰু অভয়াপুৰীৰ কাছাৰীপেটীৰ ৰাজকুমাৰ মণ্ডল।

    গোৱালপাৰাৰ পৰা প্ৰশান্ত ৰয়ৰ প্ৰতিবেদন

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    OPINION

    ভাড়াঘৰ…ভাড়াতীয়া আৰু মালিকপক্ষ… মহানগৰীৰ ভাড়াঘৰত কিমান সুৰক্ষিত আপুনি ?

    গুৱাহাটী মহানগৰীত বৰ্তমান এক সমস্যাৰূপে থিয় দিছে ভাড়াঘৰে। হয়তো এনে সমস্যাৰ সৈতে আপুনিও সন্মুখীন হৈছে, কিন্তু প্ৰকাশ কৰিব পৰা নাই।...

    নিবন্ধঃ সংকটত অসমৰ মূল ইছলাম ধৰ্মী লোকসকল !

    মইনুল ইছলাম অসমৰ প্ৰকৃত ইছলাম ধৰ্মীলোক কোনসকল? সংখ্যাত তাকৰ হোৱাৰ বাবে ধৰ্মীয় বিশ্বাস সলনি কৰাৰ পাছত কেতিয়াও স্বধৰ্মীৰ চলাহি...