কৰ’ণা মহামাৰীৰ ফলত ভাৰতৰ আটাইতকৈ বেয়া প্ৰভাৱ পৰিছে খাদ্য আৰু ট্ৰেভেল ইণ্ড্ৰাষ্টীত। অনুমান অনুসৰি চলিত বৰ্ষত ফুড ইণ্ড্ৰাষ্টীৰ ৮০ হাজাৰ কোটি টকাৰ ক্ষতি হোৱাৰ সম্ভাৱনা। যদি লকডাউন দীঘলীয়া হয় তেন্তে ৫০ শতাংশ ৰেষ্টোৰা বন্ধ হ’ব পাৰে।
৮০ হাজাৰ কোটি টকাৰ লোকচান
অনুমান অনুসৰি জমেট’ আৰু ছুইগীৰ দৰে ডেলিভাৰী চেইনৰ ব্যৱসায় হ্ৰাস হৈ ৯০ শতাংশলৈ নিম্নগামী হৈছে। নেচনেল ৰেষ্টুৰেণ্ট এছ’ছিয়েচন অব ইণ্ডিয়া (NRAI)ৰ অনুমান এই যে কৰ’ণাৰ বাবে ৫ লাখ সদস্যক ২০২০ত ৮০ হাজাৰ কোটি টকাৰ লোকচান হোৱাৰ সম্ভাৱনা। NRAIয়ে ঘৰৰ মালিক, মল আদিৰ মালিকসকলক অনুৰোধ জনাইছে যে জুন মাহলৈ ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰীৰ পৰা ভাড়া আৰু Maintenance chargeৰ যাতে দাবী নকৰে।
দৰাচলতে দেশৰ প্ৰায় ৯০ শতাংশ ৰেষ্টুৰেণ্ট লীজত লোৱা স্থানত চলোৱা হয়। প্ৰায় ২০ শতাংশ এনেধৰণৰ এনেধৰণে গঠন হৈছে ৰেষ্টুৰেণ্ট মলছ্। ইয়াৰোপৰি আন চহৰসমূহৰ মুখ্য এলেকাসমূহৰ পথত আছে। এই ৰেষ্টুৰেণ্টসমূহে নিজৰ আমদানিৰ ১৫ৰ পৰা ৩০ শতাংশলৈ ভাড়া দিবলগীয়াহয়।
মলত চলি থকা ৰেষ্টুৰেণ্টক অতিৰিক্ত ৫ৰ পৰা ৬ শতাংশলৈ Maintenance charge দিবলগীয়া হয়। এই Maintenance charge কেইবাবাৰো ৩০০০ বৰ্গ ফুটৰ ৰেষ্টুৰেণ্টৰ বাবে ২.৫ লাখ টকাও হয়। লুল্লু গ্ৰুপ, লোঢ়া গ্ৰুপ, ফৰাম আৰু ভেগাছৰ দৰে কেইবাটাও বৃহৎ মলৰ মালিকে কিছু সময়ৰ বাবে ভাড়া ৰেহাই কৰি দিছে।
Photo credit: liveblogspot.com
ed meds online without doctor prescription
কৰ'ণাঃ লকডাউন দীঘলীয়া হ'লে বন্ধ হৈ পৰিব ৫০ শতাংশ ৰেষ্টোৰা, জমেট'-ছুইগীৰ ব্যৱসায় ৯০ শতাংশ হ্ৰাস
generic viagra sales
কৰ'ণাঃ লকডাউন দীঘলীয়া হ'লে বন্ধ হৈ পৰিব ৫০ শতাংশ ৰেষ্টোৰা, জমেট'-ছুইগীৰ ব্যৱসায় ৯০ শতাংশ হ্ৰাস
Thank you.
Youseful blog. Good post.