আজি গুজৰাটৰ বডোদৰাত কৰ’ণা সংক্ৰমিত হৈ এজন ৫২ বছৰীয়া লোকে প্ৰাণ হেৰুৱাই। এই লোকজনৰ মৃত্যুৰ পিছতে গুজৰাটত কৰ’ণা ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা হ’ল ৭জন। গুজৰাটত দিনক দিনে বৃদ্ধি হৈ গৈয়ে আছে কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। বৃহস্পতিবাৰে মৃত্যু হোৱা লোকজনৰ পৰিয়ালৰ ৪গৰাকী সদস্যও কৰ’ণাত সংক্ৰমিত। বৰ্তমান লোককেইজনৰ চিকিত্সা অব্যাহত।
বডোদৰাৰ কালেক্টৰ ডাঃ এছ আগৰৱালে ক’লে যে, ‘মৃত লোকজন কিছুদিন পূৰ্বে শ্ৰীলংকাৰ পৰা উভতিচিল। ১৯ মাৰ্চত বডোদৰাৰ এছএছজি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। লোকজনৰ পৰিয়ালৰ আন ৪ গৰাকী সদস্যও ভাইৰাছ সংক্ৰমিত পোৱা গৈছে।
গুজৰাটত কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ ৮টা নতুন ঘটনা পোহৰলৈ আহিছে আৰু মুঠ সংক্ৰমিত লোকৰ সংখ্যা হৈছে ৮২জন। বিষয়াসকলে কয় যে ৰাজ্যখনৰ সেই ১৫০০ গৰাকী লোকৰ সন্ধান উলিয়াবলৈ চেষ্টা চলাই আছে যিসকলে কিছুদিন পূৰ্বে নিজামুদ্দিৰ এটা ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। দিল্লীৰ নিজামুদ্দিনত কিছুদিন পূৰ্বে ধৰ্মীয় সন্মিলন অনুষ্ঠিত হৈছিল।
ইফালে দেশৰ ভিতৰতে মহাৰাষ্ট্ৰত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা অধিক। মহাৰাষ্ট্ৰত ৩৩৮গৰাকী লোক মহামাৰী কৰ’ণা ভাইৰাছত আক্ৰান্ত। কেৰালাত দুজনৰ মৃত্যু, আক্ৰান্ত হৈছে ২৬৫গৰাকীকৈ লোক। তামিলনাডুত এজন লোকৰ মৃত্যু আৰু আক্ৰান্ত ২৩৪গৰাকী লোক। দিল্লীত দুজনৰ মৃত্যু আৰু ১৫২জন লোক আক্ৰান্ত হৈছে কৰ’ণা ভাইৰাছত। অন্ধ্ৰ প্ৰদেশত ১৩২জন আৰু ৰাজস্থানত ১২৯জন আক্ৰান্ত হৈছে। তেলেংগানাত ৬জনৰ মৃত্যু, ১২৭জন লোক আক্ৰান্ত হৈছে কৰ’ণাত। উত্তৰ প্ৰদেশত দুজনৰ মৃত্যু আৰু ১১৭জন কৰ’ণা ভাইৰাছত আক্ৰান্ত। কৰ্ণাটকত ৩জনৰ মৃত্যু আৰু আক্ৰান্ত হৈছে ১১০জনকৈ লোক।
মধ্য প্ৰদেশত মৃত্যু ৬জনৰ আৰু ৯৮জন কৰ’ণা ভাইৰাছত আক্ৰান্ত। জম্মু-কাশ্মীৰত দুজনৰ মৃত্যু আৰু এই ভাইৰাছত আক্ৰান্ত হৈছে ৬২জন। পঞ্জাৱত চাৰিজনৰ মৃত্যু আৰু ৪৬জন লোক আক্ৰান্ত। হাৰিয়ানাত ৪৩জন আৰু চণ্ডীগড়ত আক্ৰান্ত ১৭জন লোক। পশ্চিমবংগত ৬জনৰ মৃত্যু আৰু ৩৭জন লোক কৰ’ণাত আক্ৰান্ত। অসমত ১৬জন, লাডাখত ১৩জন, আন্দামান নিকোবৰত ১০জন, হিমাচল প্ৰদেশত এজনৰ মৃত্যু আৰু আক্ৰান্ত হৈছে ৩জনকৈ লোক।
ছত্তীশগড়ত ৯জন, উত্তৰাখণ্ডত ৭জন, গোৱাত ৫জন, ওড়িশাত ৫জন, পুডুচেৰীত ৩জন, মণিপুৰত দুজন, ঝাৰখণ্ডত এজন, মিজোৰামত এজন লোক আক্ৰান্ত হৈছে। ২০৯৩জনৰ ভিতৰত ১৮৬৫জন চিকিৎসাধীন অৱস্থাত আৰু সুস্থ হৈ উঠিছে ১৭১জন লোক। ইয়াৰ ভিতৰত ৫৭জন লোকৰ মৃত্যু ঘটিছে ভাৰতত।
Photo credit: deccanherald.com
ciprofloxacin price without insurance
গুজৰাটত কৰ'ণা সংক্ৰমিত ৫২ বছৰীয়া এজন লোকৰ মৃত্যু, পৰিয়ালৰ ৪গৰাকী সদস্যও সংক্ৰমিত
generic ventolin
গুজৰাটত কৰ'ণা সংক্ৰমিত ৫২ বছৰীয়া এজন লোকৰ মৃত্যু, পৰিয়ালৰ ৪গৰাকী সদস্যও সংক্ৰমিত
Thank you.
Youseful blog. Good post.