
গুজৰাট ATS-এ লক্ষ্ণৌত কমলেশ তিৱাৰী হত্যাকাণ্ডৰ ঘটনাৰ ৰহস্য শীঘ্ৰে পোহৰলৈ অনাৰ দাবী কৰে। ঘটনা সন্দৰ্ভত মাজনিশা চুৰটৰ পৰা ৬ জন লোকক জিম্মাত লয়। আন ২ অভিযুক্তৰ সন্ধানত অভিযান অব্যাহত। আৰক্ষীয়ে ইতিমধ্যে আন ২ অভিযুক্তৰ পৰিচয় উলিয়াইছে। এই দুয়োজনে লক্ষ্ণৌত গৈ কমলেশ তিৱাৰীৰ হত্যা কৰিছিল। মূল ২ অভিযুক্তৰ নাম ক্ৰমে ফৰিদুদ্দিন পাঠান ওৰফে মইনউদ্দিন শ্বেখ আৰু আছাফাক শ্বেখ।

বিজনৌৰত মৌলানা অনবাৰুল হকক সোধা পোছা অব্যাহত ৰাখিছে। উল্লেখ্য যে, শুকুৰবাৰে লক্ষ্ণৌত কমলেশ তিৱাৰীৰ বাসগৃহতে ডিঙি ৰেপি হত্যা কৰিছিল হত্যাকাৰীয়ে।
ইতিমধ্যে লক্ষ্ণৌত চাঞ্চল্যৰ সৃষ্টি কৰিছে হিন্দু সমাজ পাৰ্টীৰ নেতা কমলেশ তিৱাৰীক হত্যা কৰাৰ ঘটনাই। মৃত তিৱাৰীৰ পৰিয়ালে চৰকাৰক ৫ কোটি টকাৰ সাহাৰ্য আৰু পৰিয়ালৰ যিকোনো এজন সদস্যৰ চাকৰিৰ দাবী জনাইছে। যেতিয়ালৈকে তেওঁলোকৰ দাবী চৰকাৰে পূৰণ নকৰে নেতাগৰাকীৰ শেষকৃত্য সম্পন্ন কৰে।