30 C
Guwahati
Wednesday, June 23, 2021
More

    দিল্লীত মেট্ৰ’ ষ্টেচনত ‘গুলী মাৰো’ শ্লোগান দি আৰক্ষীৰ জালত ৬ যুৱক

    দিল্লী ক্রমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ সময়তে পুনৰ উত্তেজনামূলক পৰিস্থিতি সৃষ্টি কৰিব বিচৰা যুৱককেইজনক উচিত শাস্তি বিহিবলৈ দাবী জনাইছে সচেতন মহলে

    দিল্লী কা বিৰোধী হিংসাত এগৰাকী আৰক্ষী কণিষ্টবলসহ ৪২জন লোকে প্ৰাণ হেৰুৱাৰ লগতে ২৫০জনতকৈও অধিক লোক আহত হয়। লাহে লাহে শান্ত হৈছে ৰাজধানী দিল্লী। দিল্লী ক্রমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ সময়তে আজি ৰাজীৱ চ’ক মেট্ৰ’ ষ্টেচনত ৬ যুৱকে ‘গুলী মাৰো’ শ্লোগান দি দিল্লী মেট্র’ ৰে’ল আৰক্ষীৰ জালত পৰে। ‘দেশ কি গড্ডাৰকো গুলী মাৰো’ বুলি কেইবাবাৰো চিঞৰি উঠে যুৱককেইজনে।

    দিল্লী ক্রমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ সময়তে পুনৰ উত্তেজনামূলক পৰিস্থিতি সৃষ্টি কৰিব বিচৰা যুৱককেইজনক উচিত শাস্তি বিহিবলৈ দাবী জনাইছে সচেতন মহলে।

    উল্লেখ্য যে দিল্লী বিধানসভা নির্বাচনৰ সময়ত কেন্দ্রীয় মন্ত্রী অনুৰাগ ঠাকুৰে এখন নির্বাচনী সভাত ‘দেশ কি গড্ডাৰকো গুলী মাৰো’ শীর্ষক শ্লোগান দি এই শ্লোগান জনপ্ৰিয় কৰাত সহায় কৰিছিল আৰু তেওঁ বিতৰ্কৰ মাজতো সোমাই পৰিছিল।

    Photo Credit: Getty Images

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING