Skip to content

খোলা আছিল চেলুন;চুলি-দাড়ি কটাবলৈ গৈ কৰ’ণাত আক্ৰান্ত হ’ল ৬জন লোক

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
নিৰ্দেশ অমান্য কৰি এই সংকটৰ সময়তো খোলা ৰখা এখন চেলুনে মাতি আনিলে বিপদ
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

সমগ্ৰ বিশ্ব এতিয়া কম্পিত কৰ’ণা ভাইৰাছৰ আতংকত। কৰ’নাৰ সংক্ৰমণক প্ৰতিহত কৰিবলৈ বিশ্বৰ প্ৰায়বোৰ দেশতে অব্যাহত আছে লকডাউন।এই লকডাউনৰ সময়ছোৱাত বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে শিক্ষানুষ্ঠান, অন্যান্য ব্যৱসায় প্ৰতিষ্ঠানৰ লগতে বিউটি পাৰ্লাৰ, চেলুন আদি।

নিৰ্দেশ অমান্য কৰি এই সংকটৰ সময়তো খোলা ৰখা এখন চেলুনে মাতি আনিলে বিপদ।ঘটনাটো সংঘটিত হৈছে মধ্য প্ৰদেশৰ খাৰ্গো জিলাৰ বাৰগাঁও নামৰ এখন গাঁৱত।সেই চেলুনখনত চুলি কটাই কৰ’ণা ভাইৰাছত আক্ৰান্ত হ’ল ৬জনকৈ লোক।

জানিব পৰা মতে, ইন্দোৰৰ এখন হোটেলত কাম কৰা এজন লোক গাঁৱলৈ উভতি আহে। চেলুনখনলৈ গৈছিল তেওঁ চুলি কটাবলৈ।চেলুনখন খোলা ৰখাৰ কথা গম পাই গাঁৱৰ আৰু কেইজনমান লোক চুলি, দাড়ি কটাবলৈ যায়।আৰু তাৰপৰাই নামি আহিল লোককেইজনৰ জীৱনলৈ বিপদ। দৰাচলতে ইন্দোৰৰ পৰা উভতি অহা লোকজনৰ দেহত আছিল কৰ’ণা ভাইৰাছ।

নাপিতজনে একেখন কাপোৰ,কেঁচি, ফণী আদি ব্যৱহাৰ কৰি সকলোৰে দাড়ি-চুলি কটাৰ ফলত বিয়পি পৰে কৰ’ণাৰ সংক্ৰমণ। সেইদিনাখন চেলুনখনলৈ যোৱা ১২ জন লোকৰ নমুনা পৰীক্ষাৰ কৰাৰ পিছত ৬জনৰে দেহত পোৱা যায় মাৰাত্মক কৰ’ণাৰ অৱস্থিতি।

আশ্চৰ্যকৰ কথা যে নাপিতজনৰ কৰ’ণাৰ ৰিপৰ্ট আহিল নিগেটিভ।এই খবৰ পোৱাৰ লগে লগে গাওঁখনত বিৰাজ কৰে আতংক। ইতিমধ্যে গাঁওখনৰ সকলো সীমা ছীল কৰি দিছে প্ৰশাসনে।

Photo Credit: The Hindu ( Representative Pic)

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp