দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হৈছে ৬৬ সংখ্যক নেছনেল ফিল্ম এৱাৰ্ডছ। বিজয়ীকলক পুৰষ্কাৰ প্ৰদান কৰিছে উপ-ৰাষ্ট্ৰপতি ভেংকয়া নাইডুয়ে। অভিনেত্ৰী দিব্যা দত্তই আঁত ধৰিছে এই এই ইভেণ্টৰ। ৬৬ সংখ্যক নেছনেল এৱাৰ্ডছত অন্ধাধুন, পদ্মাৱত, বধাই হো, উৰীঃ দ্যা চাৰ্জিকেল ষ্ট্ৰাইক নামৰ ছবিসমূহে প্ৰাধান্য লাভ কৰিছে। শতাব্দীৰ দুৰ্দান্ত নায়ক অমিতাভ বচ্চনক দাদা চাহেব ফাল্কে পুৰস্কাৰ সন্মান প্ৰদান কৰা হৈছে।
শৰীৰৰ অসুস্থতাৰ বাবে নেছনেল এৱাৰ্ড অনুষ্ঠান অংশগ্ৰহণ কৰিব নোৱাৰিলে বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনে। ‘উৰীঃ দ্যা চাৰ্জিকেল ষ্ট্ৰাইক’ৰ বাবে বিকী কৌশলক শ্ৰেষ্ঠ অভিনেতাৰ সন্মান। ‘অন্ধাধুন’ৰ বাবে আয়ুষ্মান খুৰানাক শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় পুৰষ্কাৰ প্ৰদান। শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় পুৰষ্কাৰ লাভ কৰিছে কীৰ্তি সুৰেশে। তেলেগু ছবি ‘মহানতী’ৰ বাবে এই সন্মান প্ৰদান।
সঞ্জয় লীলা ভঞ্চালীক ‘পদ্মাৱত’ৰ বাবে শ্ৰেষ্ঠ মিউজিক ডাইৰেকছনৰ ৰাষ্ট্ৰীয় পুৰষ্কাৰেৰে সন্মানিত।
#SanjayLeelaBhansali receives the #NationalAward for Best Music Direction for #Padmaavat
— PIB India (@PIB_India) December 23, 2019
All the songs lift the mood of the film and give a different dimension to the narrative.#NationalFilmAwards pic.twitter.com/OaNwKHCxuw
অক্ষয় কুমাৰৰ ছবি পেডমেনে লাভ কৰিলে শ্ৰেষ্ঠ সামাজিক চলচ্চিত্ৰ। এই ছবিখনৰ পৰিচালনা কৰিছিল আৰ বাল্কীয়ে। ছবিখনত অভিনয় কৰিছিল অক্ষয় কুমাৰ, ছোনম কাপুৰ আৰু ৰাধিকা আপ্টে।
Because personal hygiene is paramount.
— Doordarshan National दूरदर्शन नेशनल (@DDNational) December 23, 2019
Film star @akshaykumar receives the award for Best film on Social Issues for the film #Padman at the 66th #NationalFilmAwards. pic.twitter.com/wZ4PK187z5
শিশু শিল্পী কেটেগৰীত এইবাৰ মাষ্টাৰ ৰোহিত, মাষ্টাৰ সমীপ সিং ৰনৌত, মাষ্টাৰ তাল্হা অৰশদ আৰু মাষ্টাৰ শ্ৰীনিৱাসক নেছনেল এৱাৰ্ডেৰে সন্মানিত কৰা হ’ল।
#NationalFilmAwards | Best Child Artists receive #RajatKamal at #66NationalFilmAwards#66NFA #NFA2018 pic.twitter.com/4njr92qNQo
— All India Radio News (@airnewsalerts) December 23, 2019
শ্ৰেষ্ঠ সহকাৰী অভিনেত্ৰীৰ বাবে ছবি ‘বধাই হো’ৰ ছুৰেখা ছিকৰীক এই সন্মানেৰে সন্মানিত কৰা হৈছে।
কৃতি মহেশ মিদ্যাক ‘পদ্মাৱত’ৰ ‘ঘুমৰ’ গীতটোৰ বাবে শ্ৰেষ্ঠ কৰিঅ’গ্ৰাফাৰৰ এৱাৰ্ড প্ৰদান কৰা হৈছে।
Best #Choreography award goes to Kruti Mahesh Madya &
— PIB India (@PIB_India) December 23, 2019
Jyoti Tomar for the song #Ghoomar from the film #Padmaavat
Feature Films Section at #NationalFilmAwards pic.twitter.com/s9yuMEGbJ3
কানাড়া ছবি KGFয়ে ষ্টাণ্ট কৰিঅ’গ্ৰাফীৰ বাবে শ্ৰেষ্ঠ একছন ডাইৰেকছন এৱাৰ্ড লাভ কৰিলে। ষ্টাণ্ট কৰিঅ’গ্ৰাফাৰ বিক্ৰম মৌৰেক KGFৰ বাবে এৱাৰ্ড প্ৰদান।
Best Action Direction Award (Stunt Choreography) goes to #VikramMore for Kannada film #KGF #NationalFilmAwards @KGFTheFilm pic.twitter.com/pcOotMB5TQ
— PIB India (@PIB_India) December 23, 2019
অমিতাভ বচ্চনে টুইটাৰযোগে জনালে যে- জ্বৰ হৈছে। ‘ভ্ৰমণ কৰিব নোৱাৰো। দিল্লীত কাইলৈ অনুষ্ঠিত হ’বলগীয়া নেছনেল এৱাৰ্ডত অংশগ্ৰহণ কৰিব নোৱাৰো। যথেষ্ট দুৰ্ভাগ্যজনক। মই অনুশোচনা কৰিছো।’
T 3584/5/6 –
— Amitabh Bachchan (@SrBachchan) December 22, 2019
Down with fever .. ! Not allowed to travel .. will not be able to attend National Award tomorrow in Delhi .. so unfortunate .. my regrets ..
Photo credit: deccanchronicle.com