নেপালৰ ‘শক্তি সমূহ সংস্থা’ নামৰ এটা NGOৰ সহায়ত কাছাৰ আৰক্ষীয়ে শিলচৰ নিষিদ্ধ গলিৰ পৰা চাৰিগৰাকী নাবালিকাসহ মুঠ সাতগৰাকী নেপালৰ যুৱতীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷
লগতে আৰক্ষীয়ে নিষিদ্ধ গলিৰ পৰা আটক কৰে মক্ষীৰাণি লক্ষী তামাং নামৰ এগৰাকী দেহ ব্যৱসায়ীক৷ উল্লেখ্য যে যোৱা ১৪ জুলাইত ‘শক্তি সমূহ সংস্থা’ নামৰ নেপালৰ এই NGO টোৱে শিলচৰৰ নিষিদ্ধ গলিৰ পৰা আন দুগৰাকী যুৱতীক উদ্ধাৰ কৰিছিল৷
এই যুৱতী দুগৰাকীক সোধপোছ কৰাৰ পিছতে নেপালৰ আৰু সাতগৰাকী যুৱতীক আৱদ্ধ কৰি ৰাখি মক্ষীৰাণি লক্ষী তামাঙে দীৰ্ঘদিন ধৰি দেহ ব্যৱসায় চলাই থকাৰ কথা পোহৰলৈ আহে৷ বিগত কেইবাবছৰো ধৰি তামাং দেহ ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে৷ মক্ষীৰাণি লক্ষী তামাঙক আৰক্ষীৰ জেৰা অব্যাহত৷