Home Khabar অসম ডিমৌৰ পথ দুৰ্ঘটনাত নিহতৰ ৭গৰাকীক চিনাক্ত, বাছ দুৰ্ঘটনাত শোক প্ৰকাশ মুখ্যমন্ত্ৰী সোণোৱালৰ

ডিমৌৰ পথ দুৰ্ঘটনাত নিহতৰ ৭গৰাকীক চিনাক্ত, বাছ দুৰ্ঘটনাত শোক প্ৰকাশ মুখ্যমন্ত্ৰী সোণোৱালৰ

পৰিবহন আয়ুক্ত বীৰেন্দ্ৰ মিট্টালক শিৱসাগৰ জিলাৰ ডিমৌত সংঘটিত কৰুণ বাছ দুৰ্ঘটনাৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

0
625

ডিমৌৰ থাওৰাদলত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত এখন আলট্ৰা বাছ আৰু ট্ৰেভেলাৰৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত দুৰ্ঘটনাগ্ৰস্ত ট্ৰেভেলাৰখনৰ ৯ গৰাকী যাত্ৰীৰ মৃত্যু হয়। ১৫ গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হয়।

মৃত হিৰণ্য জ্যোতি চেতিয়া

পথ দুৰ্ঘটনাটোত নিহতসকলৰ নাম ক্ৰমে- ধেমাজি আঞ্চলিক ছাত্র সন্থাৰ উপদেষ্টা হিৰণ্য জ্যোতি চেতিয়া, তিনিচুকীয়া আইটিআইৰ কৰ্মচাৰী পূৰ্ণ কান্ত শৰ্মা, ডিব্ৰুগড়ৰ সুব্ৰতা বৰা, শিৱসাগৰৰ ভতিয়াপাৰৰ সৌৰভ শৰ্মা, ডিব্ৰুগড়ৰ চাওলখোৱাৰ বিকি কলিতা (ট্ৰেভেলাৰখনৰ চালক), ধেমাজিৰ চিলাপথাৰৰ বিনয়া বৈদ্য আৰু ডিমৌৰ নৰেন ভৰালী। এইপৰ্যন্ত নিহত দুজনক চিনাক্ত কৰিব পৰা হোৱা নাই।

ইফালে ডিমৌত সংঘটিত কৰুণ বাছ দুৰ্ঘটনাত শোক প্ৰকাশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। প্ৰাণহানি হোৱা যাত্ৰীসকলৰ আত্মাৰ সদ্গতি কামনা মুখ্যমন্ত্ৰী সোণোৱালৰ। আহত যাত্ৰীসকলৰ বাবে তাৎক্ষণিক চিকিৎসাৰ ব্যৱস্থা কৰি সকলোধৰণৰ সহযোগিতা আগবঢ়াবলৈ জিলা প্ৰশাসনক নিৰ্দেশ। পৰিবহন আয়ুক্ত বীৰেন্দ্ৰ মিট্টালক শিৱসাগৰ জিলাৰ ডিমৌত সংঘটিত কৰুণ বাছ দুৰ্ঘটনাৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। আহত যাত্ৰীসকলৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্বাস্থ্য বিভাগৰ লগতে শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ উপায়ুক্তক নিৰ্দেশ মুখ্যমন্ত্ৰীগৰাকীৰ।