এফালে বিশ্বৰ ভিন্ন প্ৰান্তত বৰ্তমানেও অব্যাহত আছে কৰ’ণাৰ কাল সংহাৰী ৰূপ। আনহাতে বিশ্বৰ মুঠ ৯খনকৈ দেশ মহামাৰী কৰ’ণাৰ পৰা মুক্ত ঘোষিত।
কোনো দেশত লাখ লাখ লোক কেৱল আক্ৰান্ত হোৱাই নহয় মৃত্যুৰ সংখ্যাও পাৰ কৰিছে লাখৰ ঘৰ।
তাৰে মাজতেই ৯খন দেশে আশাৰ সঞ্চাৰ কৰিছে বিশ্ববাসীৰ বাবে।
সদ্যহতে নিউজিলেণ্ড কৰ’ণাৰ পৰা মুক্ত বুলি ঘোষণা কৰা হৈছিল।
ইয়াৰ সমান্তৰালকৈ ভেটিকান চিটি, তঞ্জানিয়া, ফিজী, ম’ণ্টেনেগ্ৰ’, ছেচেল্ছ, চেইণ্ট কিটছ এণ্ড নেবিছ, তিম’ৰ-লেষ্টে আৰু পাপুৱা নিউ গিণী।
বিতংভাৱে কৰ’ণা মুক্ত দেশ কেইখন
নিউজিলেণ্ডত বিগত ৮ জুন তাৰিখে কৰ’ণা মুক্ত দেশ হিচাপে ঘোষণা কৰা হয়। সীমান্তৰ বাহিৰে দেশখনৰ ভিতৰৰ সকলো প্ৰতিবন্ধকতা আতৰাই দিয়া হৈছে।
দেশ খনত মুঠ আক্ৰান্তৰ সংখ্যা আছিল ১১৫০গৰাকী, ইয়াৰ বিপৰীতে মৃত্যুৰ সংখ্যা ২০।
তঞ্জানিয়াটো ৮ জুন তাৰিখে কৰ’ণাৰ পৰা মুক্ত হোৱা দেশ হিচাপে ঘোষণা কৰা হয়। দেশখনত ৫০০ৰ অধিক আক্ৰান্ত লগতে ২০ৰ অধিক মৃত্যু।
পিছলৈ দেশ খনে তথ্য সদৰি কৰা বন্ধ কৰি দিয়ে।
ফিজি দেশখনতো জুনৰ প্ৰথমটো সপ্তাহতে কৰ’ণা মুক্ত হিচাপে ঘোষণা কৰা হয়।
দেশখনত কেৱল ১৮ গৰাকী লোকেই কৰ’ণাত আক্ৰান্ত হৈছিল আৰু পিছলৈ ১৮ জনেই সুস্থ হৈ উঠে। দেশখনত নাই এজনো মৃতকৰ সংখ্যা।
ভেটিকান চিটিত ৬ জুন তাৰিখে কৰ’ণা মুক্ত দেশ হিচাপে ঘোষণা কৰা হয়।
বিশ্বৰ ভিতৰত সৰু দেশ খনত আক্ৰান্তৰ সংখ্যা কেৱল ১২ গৰাকী। আৰু কেউজনেই সুস্থ হৈ উঠে।
ম’ণ্টেনেগ্ৰ’ত ২৫ মে তাৰিখেই কৰ’ণা মুক্ত দেশ হিচাপে ঘোষণা কৰা হয়। ৩২০ মুঠ আক্ৰান্তৰ সংখ্যাৰে মৃতকৰ সংখ্যা ৯গৰাকী।
বৰ্তমানে বহিঃৰাষ্ট্ৰৰ লগতো আহযাহ আৰম্ভ কৰিছে দেশ খনে। ১ জুন তাৰিখৰ পৰা ১৩১ খন দেশৰ পৰা যাত্ৰী অহাৰ বাবে অনুমতি।
ছেচেল্ছত ১৮ মে’ তাৰিখেই সকলো ৰোগী সুস্থ হৈ উঠে। তাৰ পিছতে পৰা ই এজনো আক্ৰান্ত হোৱা নাই দেশ খনত। দেশ খনত মুঠ আক্ৰান্ত আছিল মাত্ৰ ১১ গৰাকী লোক।
চেইণ্ট কিটছ এণ্ড নেবিছ দেশ খনে ১৮ মে’ তাৰিখে কভিড মুক্ত দেশ বিচাপে পৰিগণিত হয়।
দেশ খনৰ স্থায়ী বাসিন্দা সকলৰ ভিতৰত এজনো আক্ৰান্ত নাই। মুঠ ১৫ জন আক্ৰান্তৰ কেউজনেই বহিঃদেশৰ পৰা যোৱা।
তিম’ৰ-লেষ্টে ১৫ মে’ তাৰিখে কৰ’ণা মুক্ত দেশ হৈ পৰে। ২৪ গৰাকী লোকৰ এজনো মৃত্যু নোহোৱাকৈ গোটেই কেইজনেই ঠিক হৈ উঠে।
পাপুৱা নিউ গিণীয়েই আৰম্ভ কৰে কৰ’ণা মুক্ত দেশৰ তালিকা। ৩ মে’ তাৰিখতেই দেশখন কৰ’ণাৰ পৰা মুক্ত ঘোষিত কৰা হয়।
দেশখনত ২৪ গৰাকী আছিল কৰ’ণা ৰোগী। পিছলৈ সকলো ৰোগীয়েই ঠিক হৈ উঠে।
Photo Credit: Travel +leisure