25 C
Guwahati
Tuesday, June 22, 2021
More

    দেশজুৰি বানৰ বিভিষীকা, বানৰ ফলত ককবকাইছে বহু গৃহহীন পৰিয়ালে

    বিধ্ৱংসী বানৰ ফলত সন্ধানহীন হৈছে ৫৮ গৰাকী লোক। সৰ্বস্ৱান্ত হেৰুৱাইছে আঢ়ৈ লাখৰো অধিক পৰিয়ালে। আশ্ৰয় শিবিৰত আছে ২.২৭ লাখ লোক।

    গুৱাহাটী, আগষ্ট ১২, ২০১৯

    মহাপ্ৰলয়ৰ সৃষ্টি হৈছে কেৰালাত। বিধ্ৱস্ত কেৰালাত এতিয়া বন্যাৰ্তৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। প্ৰকৃতিৰ ৰোষত পৰা কেৰালাত বৃদ্ধি হৈ গৈ আছে মৃতকৰ সংখ্যা। বৰ্তমানলৈ এই সংখ্যা বৃদ্ধি হৈ হৈছে ৭২ গৰাকী। বিধ্ৱংসী বানৰ ফলত সন্ধানহীন হৈছে ৫৮ গৰাকী লোক। সৰ্বস্ৱান্ত হেৰুৱাইছে আঢ়ৈ লাখৰো অধিক পৰিয়ালে। আশ্ৰয় শিবিৰত আছে ২.২৭ লাখ লোক। দেওবাৰে বান পৰিস্থিতিৰ বুজ ল’বলৈ নিজৰ সংসদীয় সমষ্টি ৱাইনাডত উপস্থিত হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধী।

    ইফালে ৰাজস্থানৰ পূব আৰু পশ্চিম প্ৰান্তত বিগত ২৪ ঘণ্টা ধৰি অব্যাহত আছে বৰষুণ। আনহাতে উত্তৰাখণ্ডতো ভয়ানক ৰূপ ধাৰণ কৰিছে বান আৰু ভূমিস্খলনে।

    উত্তৰাখণ্ডত অব্যাহত থকা ভূমিস্খলনত বিস্তৰ ক্ষতিসাধন হৈছে। ভূমিস্খলনৰ ফলত খহি পৰিছে প্ৰকাণ্ড প্ৰকাণ্ড অট্টালিকা। উত্তৰাখণ্ডৰ লাংখী গাঁবৰ বিকাশ খাণ্ড ঘাটত খহি পৰে এটা প্ৰকাণ্ড অট্টালিকা।

    দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্ৱাহে বিমানেৰে কৰ্ণাটকৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে। ৰাজ্যখনত এইপৰ্যন্ত ৪০গৰাকী লোকৰ মৃ্ত্যু হয়।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING