আপুনি কিমান বাৰ দৰাৰ লগত বৰযাত্ৰী হৈ পাইছে? দৰাক কিহত যোৱা দেখিছে? দৰা ঘোঁৰাত যায় বুলি কোৱা হয় যদিও অসমৰ কথা অলপ সুকীয়া । পিছে সততে দেখিবলৈ নোপোৱা এটা দৃশ্য এইবাৰ অসমত। এখন বিয়াত দৰাই কইনা আনিবলৈ বুলি ওলাইছে। পিছে কোনো ঘোঁৰা বা বিলাসী বাহনত নহয়। কইনা আনিবলৈ দৰা ওলাল হাতীৰ পিঠিত উঠি।
‘হাতীত উঠি পানীৰাম ঘৰলৈ যায়….আলিবাটৰ মানুহবোৰে ঘুৰি ঘুৰি চায়।’ শৈশৱৰ সেই নিচুকনি গীতটি নিশ্চয় সকলোৰে মনত আছে।
দেওবাৰে নিশা এই দৃশ্য দেখা পোৱা গ’ল দেৰগাঁৱৰ নাহৰণিৰ কুৰিঘৰীয়াত। হাতীত উঠি কইনা ঘৰলৈ যোৱা এই পানীৰামৰ নাম আব্দুল কালাম। নাহৰণিৰ কুৰিঘৰিয়াৰ আব্দুল কালামে কইনা আনিবলৈ এনেদৰেই বাট বুলিলে হাতীৰ পিঠিত উঠি। ওচৰ চুবুৰীয়াটো বাদেই দেৰগাঁৱৰ দূৰ দূৰণিৰ খবৰ পোৱা লোকেও চাবলৈ গ’ল এই দৃশ্য। এই বিনন্দীয়া দৃশ্য উপভোগ কৰাসকল কিছু সময়ৰ বাবে হ’লেও ওভটি গ’ল তাহানিৰ সেই সোণালী দিনলৈ।