24.6 C
Guwahati
Tuesday, June 2, 2020
  • Home
  • Videos
  • T8 Radio
More
    Home Khabar অসম কোলাত কেঁচুৱা লৈ খালি ভৰিৰে ৮ দিন খোজ কাঢ়ি মহিলা উপস্থিত মাতৃগৃহত

    কোলাত কেঁচুৱা লৈ খালি ভৰিৰে ৮ দিন খোজ কাঢ়ি মহিলা উপস্থিত মাতৃগৃহত

    সৰুপথাৰৰ পৰা ১০০ কিল'মিটাৰ খোজকাঢ়ি মৰিয়নীত উপস্থিত হৈছে মহিলাগৰাকী

    চাৰিওফালে কৰ’ণা ভাইৰাছৰ আতংক যাৰ বাবে সমগ্ৰ দেশত ঘোষিত হৈছিল ২১ দিনৰ বাবে লকডাউন। এই লকডাউনৰ বাবেই সমগ্ৰ দেশতেই স্তব্ধ যাতায়ত ব্যৱস্থা। তাৰে মাজতে গোলাঘাট জিলাৰ সৰুপথাৰৰ পৰা ১০০ কিল’মিটাৰ খোজকাঢ়ি মৰিয়নীত উপস্থিত হৈছে এগৰাকী মহিলা।

    কোলাত এটি কনমানি লৈ ভোকে পিয়াহে মৰিয়নীত উপস্থিত হোৱা স্বামীহীনা মহিলাগৰাকীক মৰিয়নীৰ কেইজনমান সাংবাদিকে উদ্ধাৰ কৰি আৰক্ষীৰ সহযোগত নিজ পিতৃগৃহত উপস্থিত কৰোৱায়। কিন্ত কিয় খোজকাঢ়ি স্বামীগৃহৰ পৰা পলাই আহিবলগা হ’ল মহিলাগৰাকী!

    স্বামীগৃহৰ পৰিয়ালৰ একাংশৰ নিৰ্যাতন সহ্য কৰিব নোৱাৰি ল’ক ডাউনৰ পৰিপ্ৰেক্ষিতত খোজ কাঢ়িয়েই সৰুপথাৰৰ পৰা মৰিয়নীৰ হেমলাই মৰাণ গাঁৱৰ পিতৃ গৃহত উপস্থিত মহিলাগৰাকী। মহিলাগৰাকীৰ নাম অঞ্জনা গগৈ।

    প্ৰায় ডেৰ বছৰ মানৰ পূৰ্বে মহিলা গৰাকীৰ স্বামীৰ মৃত্যু হৈছিল। স্বামীৰ মৃত্যুৰ পাছৰে পৰা পৰিয়ালৰ লোকে মহিলা গৰাকীক শাৰিৰীক আৰু মানসিক অত্যাচাৰ আৰম্ভ কৰে। পিছে এই লকডাউনৰ মাজতে স্বামীৰ পৰিয়ালৰ অত্যচাৰ অধিক হোৱাত সহিব নোৱাৰি দুৰ্ভগীয়া মহিলাগৰাকীয়ে এবছৰীয়া সন্তানক বুকুত সাৱতি মাতৃ গৃহলৈ বুলি ২৪ মাৰ্চ তাৰিখে স্বামীৰ ঘৰৰ পৰা ওলাই আহে।

    কিন্ত ল’কডাউনৰ বাবে যান-বাহনৰ চলাচল বন্ধ হৈ থকাত বিগত ৮দিনে সন্তানক কোলাত লৈয়ে পিতৃগৃহলৈ খোজৰে ৰাউনা হয়। সৰুপথাৰৰ পৰা প্ৰায় ১০০ কিলমিটাৰ পথ অতিক্ৰম কৰি অহা মহিলা গৰাকীয়ে পথৰ কাষৰ বিভিন্ন লোকৰ ঘৰত নিশা আশ্ৰয় লৈ আজি মৰিয়নীত উপস্থিত হয়। 

    ভোকে পিয়াহে জৰ্জৰ মহিলা গৰাকীক মৰিয়নীৰ নগাধলি মছজিদৰ সমীপত একাংশ লোকে প্ৰত্যক্ষ কৰি সোধপোছ কৰি ঘটনাৰ সবিশেষ জানিব পাৰি মহিলাগৰাকীক আহাৰ প্ৰদান কৰা লগতে মৰিয়নী আৰক্ষীক খবৰ দিয়ে। পিছত মৰিয়নী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তিলক বৰাৰ তৎপৰতাৰে মহিলা গৰাকীক উদ্ধাৰ কৰি মৰিয়নী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা প্ৰদান কৰি হেমলাই মৰান গাঁৱৰ মাতৃগৃহ হেমলাই মৰান গাঁৱত থৈ যায়।

    Photo Credit: @sopoonrehmansaikia

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    OPINION

    ভাড়াঘৰ…ভাড়াতীয়া আৰু মালিকপক্ষ… মহানগৰীৰ ভাড়াঘৰত কিমান সুৰক্ষিত আপুনি ?

    গুৱাহাটী মহানগৰীত বৰ্তমান এক সমস্যাৰূপে থিয় দিছে ভাড়াঘৰে। হয়তো এনে সমস্যাৰ সৈতে আপুনিও সন্মুখীন হৈছে, কিন্তু প্ৰকাশ কৰিব পৰা নাই।...

    নিবন্ধঃ সংকটত অসমৰ মূল ইছলাম ধৰ্মী লোকসকল !

    মইনুল ইছলাম অসমৰ প্ৰকৃত ইছলাম ধৰ্মীলোক কোনসকল? সংখ্যাত তাকৰ হোৱাৰ বাবে ধৰ্মীয় বিশ্বাস সলনি কৰাৰ পাছত কেতিয়াও স্বধৰ্মীৰ চলাহি...

    Get Rs 50 Lakh If Play Good Athletics, Rs 20 Lakh If Die For Nation: Assam Government

    As soon as Prime Minister Narendra Modi, asked the Indian Military to decide time, place of respond as per India’s new “neeti” and “reeti”,(resolve...

    Life Lessons Of Living Alone In Guwahati

    If you are a group of single women working in the banking or IT sector and looking for a secured, affordable and descent house in Guwahati

    অন্ধবিশ্বাস…বিকৃত মানসিকতা আৰু এটা শব্দ ‘ডাইনী’

    বহু ভিতৰুৱা গাঁৱৰ এগৰাকী মহিলা। স্বামীহাৰা মহিলাগৰাকীয়ে অকলশৰে থাকি ভাল পায়। কাৰণ তেওঁ জীৱনত সকলো হেৰুৱাই নিথৰুৱা হৈ পৰিছে। ভিতৰুৱা গাঁওখনৰ...

    কংগ্ৰেছমুক্ত অসম নে কংগ্ৰেছ যুক্ত বিজেপি?

    এজনৰ পিছত আন এজন কংগ্ৰেছী নেতাৰ আগমণ ঘটিছে ভাৰতীয় জনতা পাৰ্টীলৈ। একপ্ৰকাৰে কংগ্ৰেছত নাটনি হৈ পৰিছে নেতা কৰ্মীৰ। ডঃ হিমন্ত বিশ্ব...

    Of Travelling Solo In The Heaven Of Sikkim

    Travelling solo is an awarding way of travel and it is an experience that stays with you for a lifetime. Some people...

    TRENDING