25 C
Guwahati
Wednesday, October 20, 2021
More

    Breaking: দিল্লীৰ শ্বাহীন বাগত যুৱকৰ গুলীচালনা, আৰক্ষীয়ে আটক কৰে যুৱকজনক

    নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দিল্লীৰ শ্বাহিনবাগত বিগত ডেৰ মাহ ধৰি অব্যাহত আছে প্ৰতিবাদ

    দিল্লীৰ শ্বাহীন বাগ এলেকাত এজন যুৱকৰ গুলীচালনা। গুলীচালনা কৰা যুৱকজনক আটক কৰে দিল্লী আৰক্ষীয়ে। ধৃত যুৱকজনৰ নাম কপিল গুজৰ(২৪)। আটক হোৱাৰ পিছত যুৱকজনে ক’লে যে, এইখন দেশত কেৱল হিন্দুৰহে চলিব। সূত্ৰ অনুসৰি কপিল দিল্লীৰ দল্লুপুৰাৰ বাসিন্দা। কপিলক চৰিতা বিহাৰ থানালৈ লৈ যোৱা হৈছে।

    যুৱকজনক সোধা-পোছা অব্যাহত। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দিল্লীৰ শ্বাহিনবাগত বিগত ডেৰ মাহ ধৰি অব্যাহত আছে প্ৰতিবাদ। ইয়াৰ পূৰ্বে দিল্লীৰ জামিয়াতো CAAৰ বিৰুদ্ধে উলিওৱা সমদলত এজন ছাত্ৰক যুৱকে গুলীচালনা কৰিছিল। এই ঘটনাটোত ছাদাব নামৰ এজন ছাত্ৰ গুৰুতৰভাৱে আহত হৈছিল। ইয়াৰ পিছতে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ছাত্ৰজনক।

    Photo credit: Twitter

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING