21 C
Guwahati
Wednesday, December 11, 2019
  • Home
  • Videos
  • T8 Radio
More
    Home Khabar অসম যোৰহাটত পৰিকল্পিত হত্যাকাণ্ডৰ বলি যুৱকঃ আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকা

    যোৰহাটত পৰিকল্পিত হত্যাকাণ্ডৰ বলি যুৱকঃ আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকা

    ৰহস্যজনক বিষয়টো হল যে ঘটনাৰ আগদিনা অৰ্থাৎ ১২ নৱেম্বৰৰ পুৱা অনুপম কলিতাৰ মাতৃৰ মোবাইল নম্বৰত ফোন কৰি পুত্ৰক হত্যা কৰা হ'ব বুলি ভাবুকি প্ৰদান কৰিছিল নগাঁৱৰ প্লাৱন জ্যোতি শইকীয়াই৷ কেৱল সেইদিনাই নহয় পূৰ্বেও এনেধৰণে বহুবাৰ ফোনযোগে ভাবুকি প্ৰদান কৰি আহিছিল অনুপমৰ পৰিয়ালৰ লোকক

    ১৩ নৱেম্বৰৰ নিশা যোৰহাটত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ঘটনা। যোৰহাটৰ তৰাজানৰ এটা ভাড়াঘৰৰ সন্মুখত অচিনাক্ত দুৰ্বৃত্তই অতি বৰ্বৰভাৱে প্ৰহাৰ কৰি মুৰ্মুষ অৱস্থাত পেলাই থৈ গৈছিল অনুপম কলিতা নামৰ এজন যুৱকক। যুৱকজনক লগে লগে লৈ যোৱা হৈছিল হস্পিতাললৈ। কিন্তু জীৱন যুঁজত হাৰ মানিলে অনুপমে। সোমবাৰে নিশা হস্পিতালতেই মৃত্যুক আঁকোৱালি ল’লে অনুপম কলিতাই।

    বোকাখাতৰ মিলনপুৰৰ নিৱাসী পিতৃ হৰিশ কলিতা আৰু মাতৃ দিপ্তী কলিতাৰ কনিষ্ঠ পুত্ৰ অনুপমে বিগত কেইবাবছৰে যোৰহাটৰ তৰাজানৰ এটা ভাড়াঘৰত থাকি এটা ব্যক্তিগত কোম্পানীত কাম কৰি আছিল। অনুপমলৈ ১৩ নৱেম্বৰৰ নিশা এটা ফ’নকল আহিছিল৷ লগে লগে বাহিৰলৈ ওলাই যোৱা অনুপম কলিতাক গভীৰ নিশা কোনো অচিনাক্ত দুৰ্বৃত্তই গুৰুতৰভাৱে প্ৰহাৰ কৰি মৃতপ্ৰায় অৱস্থাত পেলাই থৈ গৈছিল।

    যুৱকজনক মুমুৰ্ষ অৱস্থাত উদ্ধাৰ কৰি ভাড়াঘৰৰ মালিকে যোৰহাটস্থিত বৰুৱা চাৰ্জিকেল চেণ্টাৰত ভৰ্ত্তি কৰাইছিল যদিও পৰৱৰ্তী সময়ত তেওঁক গুৱাহাটী জি এন আৰ চি মেডিকেললৈ প্ৰেৰণ কৰা হয়৷ ইমান দিন মৃত্যুৰ সৈতে যুঁজি অৱশেষত সোমবাৰে নিশা নিয়তিৰ ওচৰত হাৰ মানিলে অনুপমে৷ এই সমগ্ৰ ঘটনাৰ আঁৰত নগাঁৱৰ প্লাৱন জ্যোতি শইকীয়া,বিপুল বৰা, প্ৰিতীস্মিতা শইকীয়া আৰু পাৰ্থ বৰা নামৰ লোক কেইজন জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে।

    ৰহস্যজনক বিষয়টো হল যে ঘটনাৰ আগদিনা অৰ্থাৎ ১২ নৱেম্বৰৰ পুৱা অনুপম কলিতাৰ মাতৃৰ মোবাইল নম্বৰত ফোন কৰি পুত্ৰক হত্যা কৰা হ’ব বুলি ভাবুকি প্ৰদান কৰিছিল নগাঁৱৰ প্লাৱন জ্যোতি শইকীয়াই৷ কেৱল সেইদিনাই নহয় পূৰ্বেও এনেধৰণে বহুবাৰ ফোনযোগে ভাবুকি প্ৰদান কৰি আহিছিল অনুপমৰ পৰিয়ালৰ লোকক।

    অৱশ্যে কি কাৰণত অনুপম কলিতাক এনধৰণে বৰ্বৰভাৱে প্ৰহাৰ কৰি পৰিকল্পিত ভাৱে হত্যা কৰা হ’ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।সমগ্র ঘটনাৰ সন্দৰ্ভত যোৰহাট সদৰ থানাত যোৱা ১৫ নৱেম্বৰতেই এখন এজাহাৰ দাখিল কৰা হৈছিল যদিও এই পৰ্যন্ত যোৰহাট আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে।

    Published: