ফুটপাথত বাচন বর্তন বিক্ৰী কৰি জীৱন নিৰ্বাহ ২৫ বছৰে ৰহা সমষ্টিৰ গুৰি ধৰোতা বিজেপিৰ প্ৰৱীন নেতাৰ !

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
যি সময়ত কেন্দ্ৰ আৰু ৰাজ্যত গেৰুৱা দলটোৰ চৰকাৰ চলি আছে সেই সময়ত এগৰাকী বিজেপি কৰ্মীয়ে এমুঠি ভাতৰ বাবে ফুটপাথত বাচন বৰ্তন বিক্ৰী কৰা কথাটোৱে চিন্তাত পেলাইছে বিজেপিৰ একাংশ নিষ্ঠাৱান কৰ্মীক
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
Photo: Time8
Photo: Time8

বিজেপি দললৈ নবীন কৰ্মীৰ আগমনৰ লগে লগে প্ৰভাৱ কমিছে নেকি প্ৰৱীন বিজেপি কৰ্মীৰ ? বিজেপিৰ অতি বেয়া দিনত যিসকল ব্যক্তিয়ে অতি ধৈৰ্য্য আৰু সাহসেৰে বিজেপিৰ পতাকাখন ধৰি ৰাখিছিল,সেইসকলক দলে গুৰুত্ব আৰু সন্মান নিদিয়াৰ অভিযোগ উঠিছে। দুখজনকভাৱে ৰহা সমষ্টিৰ বিধায়কজন বিজেপি দলৰ হোৱাৰ পিছতো বহু প্ৰৱীন বিজেপি কৰ্মীয়ে এতিয়া ৰাজমিস্ত্ৰী, যোগালি আদি কামৰ লগতে ফুটপাথত দোকান দি দিন পাৰ কৰিব লগা হৈছে।

কেশৱ নমোশূদ্ৰ। তেওঁ ৰহা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ বহুত নিষ্ঠাৱান, প্ৰকৃত পুৰণা কাৰ্যকৰ্তা, ১৯৯৪ চনৰ পৰা দলৰ হৈ কাম কৰি নিজৰ মূল্যৱান সময়, অৰ্থ ব্যয় কৰি বৰ্তমান ৰহা সমষ্টিত দলটোৰ স্থিতি মজবুত কৰিবলৈ সক্ষম হৈছিল। এইজন নেতাই এতিয়া এমুঠি ভাতৰ যোগাৰ আৰু পৰিয়ালক পোহপাল দিবলৈ ফুটপাথত বাচন বর্তন বিক্ৰী কৰি আছে। যি সময়ত কেন্দ্ৰ আৰু ৰাজ্যত গেৰুৱা দলটোৰ চৰকাৰ চলি আছে সেই সময়ত এগৰাকী বিজেপি কৰ্মীয়ে এমুঠি ভাতৰ বাবে ফুটপাথত বজাৰে বজাৰে ঘূৰিব লগা হৈছে।

Video: Time8

ইফালে ৰহা সমষ্টিত বিজেপিৰ প্ৰৱীন নেতা এনেদৰে অৱহেলিত হৈ পৰাত চিন্তাত পৰিছে আন একাংশ নিষ্ঠাৱান কৰ্মী। এনেদৰে কৰ্মীসকল অৱহেলিত হোৱাৰ বাবেই নগাঁৱৰ সাংসদৰ পদটো ইতিমধ্যেই হেৰাইছে আৰু এইদৰে অৱহেলিত হৈ থাকিলে বিজেপিয়ে সমষ্টিও হেৰুৱাব বুলি মন্তব্য কৰিছে এইসকল কৰ্মীয়ে। এইক্ষেত্ৰত স্থানীয় বিধায়ক ডিম্বেশ্বৰ দাস, অসম চৰকাৰক উচিত ব্যৱস্থা ল’বলৈ দাবী জনাইছে বিজেপি কৰ্মীসকলে।

Related Post