জিনত আমনক স্পৰ্শ কৰিবলৈ ৰাজা মুৰাদৰ কঁপিছিল হাত-ভৰি; কিদৰে ৰাজাক সৈমান কৰালে জিনতে

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
ৰাজা মুৰাদ আৰু জিনত আমনৰ মাজত এটি শাৰিৰীক অন্তৰংগৰ দৃশ্য আছিল৷ কিন্তু ৰাজা মুৰাদে এই দৃশ্য নকৰো বুলি পৰিচালকক স্পষ্টকৈ জনাই দিয়ে ৷ কাৰণ ৰাজা মুৰাদ জিনত আমনৰ সম্পৰ্কীয় মানুহ আছিল
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
Photo Credit: Youtube
Photo Credit: Youtube

বলীউডত এটা সময়ত ডকাইতৰ ওপৰত বহু কেইখন চিনেমা নিৰ্মাণ হৈছিল৷ কেৱল অভিনেতাই নহয় অভিনেত্ৰীয়েও ডকাইতৰ চৰিত্ৰ ৰূপায়ন কৰিছিল ৷ আজি বলীউডৰ প্ৰৱীন অভিনেতা ৰাজা মুৰাদৰ জন্মদিন। অভিনেতাজনৰ জন্মদিনত তেওঁৰ চিনেমা ‘ডাকু হাচিনা’ৰ এক খবৰ আপোনালোকলৈ৷ ‘ডাকু হাচিনা’ত নায়ক নায়িকাৰ চৰিত্ৰত আছিল ৰাকেশ ৰোশন আৰু জিনত আমন ৷ খলনায়কৰ ভূমিকাত আছিল ৰাজা মুৰাদ ৷ অশোক দেৱৰ পৰিচালনাত চিনেমাখনে মুক্তি লাভ কৰিছিল ১৯৮৭ চনত৷ চিনেমাখন মহিলা ডকাইতৰ ওপৰত নিৰ্মাণ কৰা হৈছিল৷

Photo Credit: Dainik Bhaskar

কাহিনী অনুসৰি ,নায়িকাৰ ওপৰত শাৰিৰীক নিৰ্যাতন চলোৱা হয়, তাৰপাছত নায়িকাই হাতত বন্দুক তুলি ডকাইত ৰূপত আহে আৰু নিৰ্যাতনকাৰীৰ প্ৰতিশোধ লয় ৷ ইয়াত ৰাজা মুৰাদ আৰু জিনত আমনৰ মাজত এটি শাৰিৰীক অন্তৰংগৰ দৃশ্য আছিল৷ কিন্তু ৰাজা মুৰাদে এই দৃশ্য নকৰো বুলি পৰিচালকক স্পষ্টকৈ জনাই দিয়ে ৷ কাৰণ ৰাজা মুৰাদ জিনত আমনৰ সম্পৰ্কীয় মানুহ আছিল ৷ বাৰে বাৰে বুজাইয়ো পৰিচালকে সৈমান কৰিব নোৱাৰিলে ৰাজা মুৰাদক ৷ নাচোৰবান্দা ৰাজাক বুজাব নোৱাৰি মহা বিপদত পৰিল পৰিচালক ৷ দায়িত্ব দিয়া হ’ল জিনত আমনক বুজাবলৈ৷

Photo Credit: Youtube

জিনতে ৰাজাক বুজালে-অভিনয়েই আমাৰ জীৱন, অভিনয়তেই আমাৰ পৰিচয় ৷হ’ব পাৰো আমি সম্পৰ্কীয় মানুহ কিন্তু এই চিনেমাত আমি জিনত আমন আৰু ৰাজা মুৰাদ নহয়, আমি ইয়াত কেৱল দুটা অভিনয়ৰ চৰিত্ৰহে ৷ জিনতৰ এই বুজনিৰ পিছতেই ৰাজা মুৰাদ সৈমান হৈছিল সেই বিশেষ দৃশ্যত অভিনয় কৰিবলৈ ৷ উল্লেখ্য যে ‘ডাকু হাচিনা’ত ৰাজা মুৰাদৰ অভিনয় বিশেষভাৱে প্ৰশংসিত হৈছিল৷

Related Post