TIME8ৰ জৰিয়তে পুত্ৰলৈ এক অনুৰোধ এগৰাকী মাতৃৰ৷ ছয় বছৰ পুত্ৰৰ সৈতে বিচিন্ন হোৱাৰ বেদনা সহি পৃথিৱীৰ পৰা চিৰবিদায় মাগে এজন লোকে৷ এই মৰ্মান্তিক ঘটনা টীয়কৰ জগদুৱাৰৰ৷ যোৱা ২৩ নৱেম্বৰ তাৰিখে দিব্যলতা বৰদলৈৰ স্বামী বিপিন বৰদলৈয়ে মৃত্যুক সাৱটি ল’লে৷ TIME8ৰ জৰিয়তে পিতৃৰ মৃত্যুৰ বাতৰি পুত্ৰই লাভ কৰিলে ৪ ডিচেম্বৰত হ’বলগীয়া পিতৃৰ আদ্যশ্ৰাদ্ধলৈ নিমন্ত্ৰণ মাতৃ দিব্যলতা বৰদলৈৰ৷

২০১৪ চনতে কৰ্মৰ সন্ধানত মহাৰাষ্ট্ৰলৈ যোৱা পুত্ৰ দেৱজিত বৰদলৈৰ সৈতে যোগাযোগ কৰাত অসমৰ্থ পৰিয়াল৷ প্ৰথম এবছৰ যোগাযোগ হৈছিল যদিও পিছত কোনোধৰণৰ যোগাযোগ কৰিব পৰা নাই পুত্ৰ দেৱজিত বৰদলৈৰ সৈতে৷ দেৱজিত এতিয়া কেনে আছে, ক’ত আছে একো নাজানে পৰিয়ালৰ লোকে৷ পুত্ৰ সন্ধানহীন হোৱাত পিতৃ বিপিন বৰদলৈয়েও এবুকু দুখ লৈ মেলানি মাগিলে পৃথিৱীৰ পৰা৷ খবৰটোৱে অঞ্চলটোৰ সকলো লোককে শোকাহত কৰি তুলিছে৷