উন্নাও ধৰ্ষণ কাণ্ডৰ বিৰোধিতা কৰি থকাৰ সময়ত মহিলাই নিজৰ সন্তানৰ ওপৰতে ঢালিলে পেট্ৰ’ল, ICUত ভৰ্তি শিশুটি

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
দিল্লী আৰক্ষীয়ে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰি সোধাপোছা অব্যাহত ৰাখিছে
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
Photo credit: freepressjournal.in

সফদৰজং হাস্পতালৰ সন্মুখত উন্নাও ধৰ্ষণ কাণ্ডৰ বিৰোধিতা কৰি থকা অৱস্থাত এগৰাকী মহিলাই নিজৰ ৬ বছৰীয়া কন্যা সন্তানৰ ওপৰতে ঢালি দিলে পেট্ৰ’ল। বিৰোধিতা প্ৰদৰ্শন কৰিবলৈ গৈ মহিলাগৰাকীয়ে কৰিলে এই কাণ্ড কিন্তু এই ঘটনাৰ পিছত শিশুটিৰ অৱস্থা যথেষ্ট সংকটজনক হৈ পৰে। বৰ্তমান হাস্পতালত ইমাৰজেঞ্চী কোঠাত চিকিত্সাধীন শিশুটি। দিল্লী আৰক্ষীয়ে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰি সোধাপোছা অব্যাহত ৰাখিছে।

সূত্ৰই জনোৱা অনুসৰি উন্নাও ধৰ্ষণ কাণ্ডৰ পীড়িত যুৱতীগৰাকীৰ মৃত্যুৰ পিছত যথেষ্ট মানসিক কষ্টত ভুগিছিল মহিলাগৰাকী আৰু এই কাৰণতে এনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিল মহিলাগৰাকীয়ে। কিন্তু বিৰোধ প্ৰদৰ্শনৰ নামত নিজৰ ৬ বছৰীয়া সন্তানকে মৃত্যুৰ সৈতে যুঁজিবলৈ বাধ্য কৰালে।

উল্লেখ্য যে শুকুৰবাৰে নিশা মৃত্যু হৈছিল উন্নাও ধৰ্ষণ কাণ্ডৰ ভুক্তভোগী যুৱতীগৰাকীৰ। ইয়াৰ পিছত শনিবাৰে যুৱতীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ইফালে কংগ্ৰেছৰ মহাসচিব প্ৰিয়ংকা গান্ধী পীড়িত যুৱতীগৰাকীৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ উন্নাওত উপস্থিত হয়।

Related Post