শুকুৰবাৰে দিল্লীৰ ৰিঠালাত এখন জুৱেলাৰীৰ দোকানলৈ গৈছিল কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা গিৰিৰাজ সিং। সেই সময়তে আম আদমী পাৰ্টীৰ কৰ্মীসকলে তেওঁক ঘেৰাও কৰিলে আৰু মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ধন বিলোৱাৰ অভিযোগ উত্থাপন কৰিলে। এই ঘটনাৰ পিছতে আৰক্ষী উপস্থিত হোৱাত সেই স্থানৰ পৰা পলায়ন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। বিজেপিয়ে বিধানসভা নিৰ্বাচনত জয়ী হ’বলৈ ধন বিলোৱাৰ অভিযোগ উত্থাপন কৰিছে আম আদমী পাৰ্টীৰ সাংসদ সঞ্জয় সিঙে।
সঞ্জয় সিঙে টুইটাৰত গিৰিৰাজ সিঙৰ ভিডিঅ’ শ্বেয়াৰ কৰিলে। তেওঁ ক’লে যে চাওক বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙক, ৰিঠালা বিধানসভাত ধন বিলাই থকা অৱস্থাতে তেওঁক ধৰিছে বহু লোকে।
देखिये इस भाजपा के केन्द्रीय मंत्री गिरिराज सिंह को रिठाला विधान सभा में लोगों ने इसको रूपया बाँटते हुए पकड़ा है। pic.twitter.com/LVCVTzDfo4
— Sanjay Singh AAP (@SanjayAzadSln) February 7, 2020
ইফালে দিল্লী আৰক্ষীৰ ৰোহনীৰ DCPয়ে কোৱা অনুসৰি গিৰিৰাজ সিঙে নিজৰ PSOৰ সৈতে বিজয় বিহাৰৰ খন জুৱেলাৰী দোকানত গৈছিল। সেই সময়ত গিৰিৰাজ সিঙৰ PSOয়ে পিচিআৰ কল কৰি কৈছিল যে আম আদমী পাৰ্টীৰ কৰ্মীয়ে হুলস্থুল পৰিৱেশৰ সৃষ্টি কৰিছে।
Photo credit: Twitter