Skip to content

সোণোৱাল চৰকাৰ হত্যাকাৰী চৰকাৰ,এই চৰকাৰৰ মুখত শান্তিৰ কথাই শোভা নাপায়: হিমান বৰ্মন

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
৬ জানুৱাৰীত জাতিধ্বংসী আইন 'কা' বাতিল কৰা আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত চলোৱা অত্যাচাৰৰ প্ৰতিবাদত 'গণ অনশন' কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

আজি নলবাৰী আছুৰ সংবাদ মেল অনুষ্ঠিত হয়। সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক হিমান বৰ্মনে সংবাদ মেলত কয় যে,কালি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰা আছু কৰ্মীৰ ওপৰত আৰক্ষীয়ে কৰা আঘাত কোনো কাৰনতে মানি লোৱা নহ’ব। সোণোৱাল চৰকাৰক হত্যাকাৰীৰ চৰকাৰ আখ্যা দি এইখন চৰকাৰৰ মুখত শান্তিৰ কথা শোভা নাপায় বুলি মন্তব্য কৰে ছাত্ৰ নেতা গৰাকীয়ে।

তেওঁ লগতে ইয়াকো কয় যে, নলবাৰীৰ অতিৰিক্ত উপ-আৰক্ষী অধীক্ষক(সীমান্ত শাখা)ধ্ৰুৱজ্যোতি নাথে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠকক ধমকি দিয়া বুলি উল্লেখ কৰাৰ লগতে অন্য আছু নেতা-কৰ্মীক মৃত্যুৰ ভাবুকি দিয়া বুলি ছাত্ৰ নেতা গৰাকীয়ে সংবাদ মেলত প্ৰকাশ কৰে।

ইফালে উচতনিমূলক মন্তব্য দিয়াৰ পিছতো বিধায়ক মৃণাল শইকীয়া আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিত দাসক কিয় চৰকাৰে গ্ৰেপ্তাৰ কৰা নাই তাকে লৈও প্ৰশ্ন উত্থাপন কৰে। ৬ জানুৱাৰীত জাতিধ্বংসী আইন ‘কা’ বাতিল কৰা আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত চলোৱা অত্যাচাৰৰ প্ৰতিবাদত ‘গণ অনশন’ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলি সংবাদ মেলত প্ৰকাশ কৰে। খিলঞ্জীয়াৰ মৃত্যু হ’লেহে চৰকাৰে বাংলাদেশীক বহুৱাব পাৰিব বুলি নলবাৰীৰ শান্তি সমদলৰ আঁৰত ৰহস্য আছে বুলি প্ৰকাশ কৰে।

Photo Credit:@hirakdeka

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp