Skip to content

তামুলপুৰত দলঙৰ পৰা পৰি যুৱকৰ মৃত্যু

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
চুবুৰীয়া লোকে ততাতয়াকৈ আহত যতীন হৰিজনক তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই যদিও চিকিৎসক ডা:গৌতম মেধিয়ে আহত যুৱকজনক পৰীক্ষা কৰি মৃত বুলি ঘোষণা কৰে
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
Photo : time8
Photo : time8

তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰলীয়া জলসিঞ্চন প্ৰকল্পৰ লোহাৰ দলঙৰ ওপৰত মটৰচাইকেল দুৰ্ঘটনাত পতিত হৈ দেওবাৰে নিশা যতীন হৰিজন (৩০ ) নামৰ এজন যুৱকৰ মৃত্যু হয়। প্ৰাপ্ত ঘটনাৰ তথ্য অনুসৰি তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পুৱ কচুকাটা গাঁৱৰ পৰেশ হৰিজনৰ মিস্ত্ৰী বৃত্তিত জড়িত পুত্ৰ যতীন হৰিজনে এগৰাকী সতীৰ্থৰ সৈতে মিস্ত্ৰী কাম সম্পন্ন কৰি ঘৰলৈ গৈ থাকোতে বৰলীয়া জলসিঞ্চল প্ৰকল্পৰ বৰলীয়া নদীৰ ওপৰত অৱস্থিত ব্ৰেইলি দলঙৰ ওপৰত বাগৰি পৰাত গুৰুতৰভাৱে আহত হয়।

চুবুৰীয়া লোকে ততাতয়াকৈ আহত যতীন হৰিজনক তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই যদিও চিকিৎসক ডা:গৌতম মেধিয়ে আহত যুৱকজনক পৰীক্ষা কৰি মৃত বুলি ঘোষণা কৰে। যুৱকজনৰ আকস্মিক মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp