বিগ বাজেটৰ ছবি Indian-2 শ্বুটিংথলীত ভয়ংকৰ অঘটন। চেন্নাইৰ EVP ফিল্ম চিটিত চলি আছিল এছ শংকৰৰ পৰিচালনাত বিগবাজেট ছবি Indian-2ৰ শ্বুটিং। কিন্তু শ্বুটিং চলি থকাৰ মাজতে ১৫০ ফুট উচ্চতাৰ ক্ৰেন ভাঙি ছবিখনৰ ৩জন সহকাৰী পৰিচালকৰ গাত পৰি যায়। ফলত থিতাতে নিহত হয় তিনিও সহকাৰী পৰিচালক।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে ৯ জন লোক। দক্ষিণ ভাৰতত কামাল হাছান-কাজল আগৰৱালা অভিনীত ছবিখনে শ্বুটিং আৰম্ভ হোৱা দিন ধৰি চৰ্চাত আছে। এই শোকাৱহ ঘটনাই সকলোতে গভীৰ শোকৰ ছাঁ পেলাইছে। নিহতৰ পৰিয়াললৈ কামাল হাছানে ১ কোটিকৈ টকা সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।