29 C
Guwahati
Sunday, July 12, 2020
  • Home
  • Videos
  • TIMECAST
More

    মাস্ক নিপিন্ধা লোকৰ পৰা ৩৫ লাখ টকাৰ জৰিমণা সংগ্ৰহ অসম আৰক্ষীৰ

    ১৪ মে' পৰা ৩১ মে'লৈ এই নিয়ম ভংগ কৰা লোকৰ পৰা সংগ্ৰহ কৰিছে এই বৃহৎ ধন

    সমগ্ৰ দেশতে অব্যাহত আছে লকডাউন। ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো পুনৰ পঞ্চম পৰ্যায়ৰ লকডাউন আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ মাৰ্চৰ পৰা আৰম্ভ কৰা প্ৰথম পৰ্যায়ৰ লকডাউন ঘোষণা কৰাৰে পৰা এতিয়া লকডাউনে ভৰি দিলে পঞ্চমটো পৰ্যায়ৰ লকডাউনত। পঞ্চম পৰ্যায়ত বিভিন্ন ক্ষেত্ৰত ৰেহাই প্ৰদান কৰা হৈছে যদিও কিছু ক্ষেত্ৰত কঠোৰ হৈ পৰিছে আৰক্ষী-প্ৰশাসনৰ লোক।

    সমগ্ৰ দেশতে কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। যাৰ বাবে বাৰে বাৰে বৃদ্ধি কৰা হৈছে লকডাউন। লকডাউনৰ সময়ছোৱাত মাস্ক পৰিধান কৰা, ছেনিটাইজাৰ ব্যৱহাৰ কৰা আৰু সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক কৰি দিছে চৰকাৰে। যাৰ বাবে এতিয়া কঠোৰ হৈ পৰিছে আৰক্ষী। লকডাউন ভংগ কৰা লোকসকলে ভৰিব লগা হৈছে জৰিমণা। কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে লকডাউন ভংগ কৰা লোকসকলৰ বিৰুদ্ধে। অসমত লকডাউনৰ নিয়ম ভংগ কৰা লোকৰ পৰা সংগ্ৰহ কৰিছে এই বৃহৎ ধন। মাস্ক পৰিধান নকৰা সকলৰ পৰা ৩৫,৯৮,৭০০ টকা সংগ্ৰহ কৰিছে অসম আৰক্ষীয়ে। ১৪ মে’ পৰা ৩১ মে’লৈ এই নিয়ম ভংগ কৰা লোকৰ পৰা সংগ্ৰহ কৰিছে এই বৃহৎ ধন।

    আনহাতে ৩২০৮টা লকডাউন ভংগ কৰা ঘটনা সংঘটিত হৈছে ৰাজ্যত। ২৬৭৯টা ৰুজু হৈছে গোচৰ। গ্ৰেপ্তাৰ হৈছে আইন উলংঘা কৰা ৪,৬০৯ জন লোক। ৩০২৫৬খন বাহন আৰু ৩৪খন নাও জব্দ কৰিছে আৰু লগতে লকডাউনৰ সময়ত নিয়ম উলংঘাকাৰীৰ পৰা জৰিমণা সংগ্ৰহ কৰিছে ৩ কোটি ১৭ লাখ ১০ হাজাৰ ৮৫০টকা।

    কৰণাৰ এই মহামাৰীৰ সময়ত আপুনিও পৰিধান কৰক মাস্ক। নহ’লে ভৰিব লাগিব আপুণিও জৰিমণা। যিহেতু কৰণা সংক্ৰমণ ৰোধ কৰাৰ বাবে মাস্ক, ছেনিটাইজাৰৰ ব্যৱহাৰ কৰাটো অত্যাৱশকীয় কৰা হৈছে। সমগ্ৰ দেশত বাধ্যতামূলক কৰা হৈছে মাস্ক। ইতিমধ্যে কৰণা মহামাৰীৰ সৈতে যুঁজ দিব’লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ দেশবাসীক আহ্বান জনাইছিল যে আমি মাস্ক পৰিধান কৰাটো অভ্যাসত পৰিণত কৰি ল’ব লাগে।

    Photo credit: outlook India

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    Not More Than 6.5 Lakh People will Die of Covid-19: Medical Nutritionist

    Dr Choudhury argued, "Earlier, when the viruses like H1N1, Dengue and Chikungunya erupted in India, the administration never imposed social distance, containment zones and lockdown.

    Guwahati put into ‘isolation’: 12 districts banned travel from the city

    The total numbers of COVID 19 related deaths in the state have also gone up to 24

    Major Reshuffle in Assam Police

    There were several other promotions and reshuffles in the department

    Akhil Gogoi Has No Covid-19 Symptoms: IGP Prison

    Gogoi's wife Geetashree Tamuli said, "Akhil Gogoi is not well, showed Covid-19 symptoms. I do not know what shall I to say.”

    COVID Scare: House to House Testing in city’s Pandu from Tuesday

    The SBI head office here and Dhirenpara Maternity and Child Welfare Hospital were declared as containment zones