28 C
Guwahati
Saturday, September 11, 2021
More

    JNU আক্ৰমণ সন্দৰ্ভত সুশান্ত সিঙৰ টুইট, ক’লে- মুখ লুকাই সন্ত্ৰাসবাদী আহে, দেশভক্ত…

    দেওবাৰে JNU Attackত শিক্ষাৰ্থী আৰু শিক্ষকসহ প্ৰায় ৩৪ গৰাকী লোক আহত হয়। এই আক্ৰমণৰ আঁৰত ABVPৰ হাত থকাৰ অভিযোগ শিক্ষাৰ্থীসকলৰ

    JNU হোৱা আক্ৰমণক লৈ বলীউড অভিনেতা তথা সাৱধান ইণ্ডিয়াৰ প্ৰাক্তন আঁতধৰোতা সুশান্ত সিঙে কৰিল টুইট। এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে অভিনেতাজনৰ এই টুইট। টুইটটোত তেওঁ ক’লা মুখ পিন্ধি অহা গুণ্ডাৰ তুলনা কৰিলে সন্ত্ৰাসবাদীৰ সৈতে। ৰবিবাৰে নিশা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত মুখাধাৰী দুৰ্বৃত্তই ছাত্ৰ আৰু শিক্ষকসকলক কৰা আক্ৰমণক লৈ এতিয়া সমালোচনা তীব্ৰতৰ হৈ উঠিছে। ছাত্ৰ আৰু শিক্ষকসকলৰ ওপৰত চলোৱা আক্ৰমণ সন্দৰ্ভত কেৱল সাধাৰণ লোকেই নহয় বলীউড আৰু ৰাজনীতিৰ সৈতে জড়িত কেইবাগৰাকীও তাৰকাই টুইটযোগে আপত্তি দৰ্শালে।

    সুশান্ত সিঙে টুইটাৰত লিখিলে, ‘ষ্ট্ৰীট লাইট আৰু ইণ্টাৰনেট বন্ধ কৰি, CCTV কেমেৰা ভাঙি আৰু মুখ লুকাই চোৰ আৰু সন্ত্ৰাসবাদীহে আহে, দেশভক্ত নাহে।’ সুশান্ত সিঙৰ এই টুইটটো ছচিয়েল মিডিয়াত যথেষ্ট তোলপাৰ লগাইছে, লগতে এই টুইটটোক লৈ বহুজনে কৰিছে প্ৰতিক্ৰিয়া। ইয়াৰোপৰি সুশান্ত সিঙে আন এটা টুইট কৰিলে। তেওঁ লিখিলে, ‘মুখ নাঢাকি, দিনৰ পোহৰত গেটৱে অব ইণ্ডিয়ালৈ গৈ আছো। দেশভক্ত আৰু যুৱপ্ৰজন্মৰ সৈতে থিয় হ’বলৈ।

    উল্লেখ্য যে, দেওবাৰে JNU Attackত শিক্ষাৰ্থী আৰু শিক্ষকসহ প্ৰায় ৩৪ গৰাকী লোক আহত হয়। এই আক্ৰমণৰ আঁৰত ABVPৰ হাত থকাৰ অভিযোগ শিক্ষাৰ্থীসকলৰ।

    Photo credit: gulfnews.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING