25 C
Guwahati
Friday, June 11, 2021
More

    মাইকী জিৰাফক সংগ দিবলৈ মাইছোৰৰ পৰা আহিল মতা জিৰাফ

    ৩৩০০ কিমি যাত্ৰা সমাপন কৰি মাইছোৰ চিৰিয়াখানাৰ পৰা আজি পুৱাৰ ভাগত গুৱাহাটীৰ চিৰিয়াখানাত উপস্থিত হয় জিৰাফটো

    এক সুন্দৰ যাত্ৰাৰ অন্তত অসম ৰাজ্যিক চিৰিয়াখানা পালেহি দ্বিতীয়তো জিৰাফ। ৩৩০০ কিমি যাত্ৰা সমাপন কৰি মাইছোৰ চিৰিয়াখানাৰ পৰা আজি পুৱাৰ ভাগত গুৱাহাটীৰ চিৰিয়াখানাত উপস্থিত হয় জিৰাফটো।

    উল্লেখ্য যে লক্ষ্মী আৰু সৰস্বতীৰ মৃত্যুৰ পিছত সুদীৰ্ঘ ৮ বছৰ ধৰি খালি হৈ আছিল চিৰিয়াখানাৰ জিৰাফ থকা ঠাই। পিছে কিছুদিন পুৰ্বে পাটনা চিৰিয়াখানাৰ পৰা অনা হৈছিল আন এটা মাইকি জিৰাফ।

    আজি অনা মতা জিৰাফটোৰ সৈতে মিলি ৰ’দত খেলি আছে দুইটা জিৰাফ। এতিয়া এই দুইয়ো নতুন আলহীয়ে আকৰ্ষণ কৰিছে বহুতো দৰ্শকক।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING