ডিব্ৰুগড় জিলা সত্ৰ ন্যায়াধীশৰ আদালতত উপস্থিত কৃষক নেতা অখিল গগৈ। ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত চলি থকা গোচৰৰ পৰা দোষমুক্ত হ’ল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লেঙেৰী আঞ্চলিকৰ সভাপতি দেৱজিৎ বৰুৱা আৰু প্ৰদীপ হালৈ। কিন্তু মৰাণ থানাত ৰুজু হোৱা গোচৰ পৰা এতিয়াও দোষমুক্ত হোৱা নাই কৃষক নেতাগৰাকী।
২০১৭ বৰ্ষত মৰাণৰ বামুণবাৰী চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত হোৱা বিশাল ৰাজহুৱা সভাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে ৰাষ্ট্ৰদ্ৰোহী মন্ত্ৰব্য কৰা বুলি অভিযোগ উত্থাপন কৰি জিলা প্ৰশাসনে এক গোচৰ ৰুজু কৰিছিল। এই গোচৰৰ ভিত্তিত অখিল গগৈক গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড়স্থিত কেন্দ্ৰীয় জেললৈ প্ৰেৰণ কৰিছিল।
আনহাতে সভাখন আয়োজন কৰা তথা লেঙেৰী আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতিৰ দায়িত্বত থকা দেৱজিৎ বৰুৱাকে ধৰি সেইসময়ৰ ডিব্ৰুগড় জিলা সমিতিৰ প্ৰদীপ হালৈৰ বিৰুদ্ধেও ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰিছিল জিলা প্ৰশাসনে।
বৃহস্পতিবাৰে ডিব্ৰুগড় জিলা সত্ৰ ন্যায়াধীশে দেৱজিৎ বৰুৱা আৰু প্ৰদীপ হালৈক ৰাষ্ট্ৰদ্ৰোহ গোচৰৰ পৰা দোষমুক্ত বুলি গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে।