কাইলৈ সমগ্ৰ ৰাজ্যজুৰি পেট্ৰ’-পণ্য সামগ্ৰীক মূল্যবৃদ্ধিৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিব কৃষক মুক্তি সংগ্রাম সমিতিয়ে। মহানগৰীৰ গান্ধীবস্তিত অখিল গগৈৰ সংবাদমেল। সংবাদমেলত ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৃষক নেতা অখিল গগৈৰ।
প্ৰতিখন জিলা সদৰত অনুষ্ঠিত হব এই ধৰ্ণা কাৰ্যসূচী। ‘CAB বিৰোধী শক্তিসমূহৰ মাজত বিভাজন আনিব খুজিছে চৰকাৰে, একাংশ জাতীয় সংগঠনক সাংবিধানিক ৰক্ষা কবচ দিয়াৰ টোপ দি চৰকাৰৰমুখী কৰিছে, কৃষক মুক্তিয়ে সদায় নাগৰিকত্ব বিলৰ বিৰুদ্ধে থাকিব।’- সংবাদমেলত এই মন্তব্য কৃষক নেতাগৰাকীৰ।
কেন্দ্ৰীয় চৰকাৰ ফেচিবাদী চৰকাৰ। ধৰ্মৰ নামত মানুহৰ মাজত বিভাজন আনিছে বিজেপিয়ে। CABৰ বিৰুদ্ধে সকলোকে একগোট হোৱাৰ আহ্বান অখিল গগৈৰ।
পেট্ৰ’লৰ প্ৰকৃত দৰ ৩৩.৯৮ টকা। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে পেট্ৰ’লৰ ওপৰত কৰ লৈছে ৪৬.৮% গতিকে আমি ৭০.৮৮ টকাৰে পেট্ৰ’ল কিনিব লগা হ’ল। ডিজেলৰ প্ৰকৃত দাম ৩৮.৪৮ টকা। ডিজেলৰ ওপৰত কেন্দ্ৰ ৰাজ্য চৰকাৰে কৰ লৈছে ৩৬.৩ শতাংশ। এই মন্তব্য কৃষক নেতা অখিল গগৈৰ।